Home-Image-1
Home-Image-1
Home-Image-1
About-Image-1
About-Image-1

আদৰণি দৌলগোৱিন্দ মন্দিৰ

গুৱাহাটী মহানগৰীৰ গাতে লাগি থকা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ এই বৃহৎ অঞ্চলটোত জড়িত হৈ আছে নানা ইতিহাস। এই অঞ্চলটোৰ গাত যেন বুৰঞ্জীৰ প্ৰতিটো অধ্যায়ৰ স্পৰ্শ লাগি আছে। পালবংশৰ দিনৰ পৰা আহোম ৰজাৰ দিনলৈকে উত্তৰ গুৱাহাটী অঞ্চলৰ স্মৃতি বুৰঞ্জীয়ে আজিও বহন কৰি আহিছে। প্ৰাচীন প্ৰাগজ্যোতিষপুৰৰ চাৰিসীমা বুলি ক'বলৈ চাৰিওদিশে আছিল চাৰিটা গণেশৰ মূৰ্তি। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে শৰাইঘাটৰ (আগিয়াঠুঁৰি) গণেশ মূৰ্তি, পূবফালে চন্দৰা গাঁৱৰ গণেশ মূৰ্তি, দক্ষিণ পাৰে গণেশগুৰিৰ গণেশ মূৰ্তি, আৰু পশ্চিম ফালে ফটাশিল গণেশ মূৰ্তি। উত্তৰ গুৱাহাটীৰ সীমা বুলি ক'বলৈ শৰাইঘাট (আগিয়াঠুঁৰি)ৰ গণেশ মূৰ্তিৰ পৰা চন্দৰা গাঁৱৰ গণেশ মূৰ্তি থকা ঠাইলৈ বুজায় যদিও বৰ্তমানৰ উত্তৰ গুৱাহাটীয়ে এক বৃহৎ অঞ্চল সামৰি লৈছে। ওখ ওখ পাহাৰ আৰু গড়েৰে আবৃত এই অঞ্চলটো শৰাইঘাট যুদ্ধৰ স্মৃতিবিজড়িত অঞ্চল।.

বুৰঞ্জীৰ পাতত ঐতিহাসিক উত্তৰ গুৱাহাটী

গুৱাহাটী মহানগৰীৰ গাতে লাগি থকা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ এই বৃহৎ অঞ্চলটোত জড়িত হৈ আছে নানা ইতিহাস। এই অঞ্চলটোৰ গাত যেন বুৰঞ্জীৰ প্ৰতিটো অধ্যায়ৰ স্পৰ্শ লাগি আছে। পালবংশৰ দিনৰ পৰা আহোম ৰজাৰ দিনলৈকে উত্তৰ গুৱাহাটী অঞ্চলৰ স্মৃতি বুৰঞ্জীয়ে আজিও বহন কৰি আহিছে। প্ৰাচীন প্ৰাগজ্যোতিষপুৰৰ চাৰিসীমা বুলি ক'বলৈ আছিল চাৰিওদিশে থকা চাৰিটা গণেশৰ মূৰ্তি।

শুভাগমন

‘ময়েই সকলো প্ৰাণীৰ হৃদয়ত অন্তৰ্যামীৰূপে থাকোঁ তথা মোৰেই পৰা স্মৃতি, জ্ঞান আৰু আপোহন উৎপন্ন হয়। সকলো বেদৰ ময়েই জ্ঞাতব্য বিষয়। তাৰোপৰি বেদান্তৰ কৰ্তা তথা বেদজ্ঞতা ময়েই বুলি জগতত দুষ্কৃতি নাশ কৰি সাধুসকলক ৰক্ষণাবেক্ষণ দি ধৰ্মস্থাপনৰ বাবে শ্ৰীশ্ৰীকৃষ্ণ ৰূপেৰে ভগৱান পৰম ব্ৰহ্মই দ্বাপৰ যুগত বাসুদেৱৰ সুত ৰূপে দৈৱকীৰ গৰ্ভত অৱতাৰিত হ'ল । সেই পূৰ্ণ অৱতাৰ শ্ৰীশ্ৰীকৃষ্ণৰ অন্যৰূপ আমাৰ উপাস্য আৰাধ্য মহাপ্ৰভু শ্ৰীশ্ৰীদৌলগোবিন্দ।

আমাৰ বিষয়

উত্তৰ গুৱাহাটী ওচৰে-পাজৰে

Heading-Logo
Service-Image

অশ্বক্ৰান্ত আৰু অশ্বক্লান্ত মন্দিৰ

উত্তৰ গুৱাহাটীৰ সোঁমাজত ব্ৰহ্মপুত্ৰৰ পাৰত অশ্বক্ৰান্তৰ মন্দিৰ আছে। অশ্বক্ৰান্ত আছিল শৰাইঘাট যুদ্ধৰ আহোম ৰজাসকলৰ প্ৰধান ঘাটি। এই ঠাইৰ পৰা আহোমসকলে শৰাইঘাট যুদ্ধৰ ৰণকৌশল প্ৰস্তুত কৰিছিল। আনহাতে এই ঠাইখন আছিল আহোম ডা-ডাঙৰীয়াসকলৰ কাৰণে পৱিত্ৰ ঠাই। দ্বাৰকাধিপতি শ্ৰীকৃষ্ণই ভাগৰত বিশ্ৰাম লোৱা বা ঘোঁৰাবোৰক এই ঠাইত জিৰণি ল'বলৈ দিয়া এই অশ্বক্ৰান্তৰ ঠাইখনৰ ইতিহাসৰ সাক্ষী দিবলৈ এই ঠাইত এতিয়া দুটা মন্দিৰ আছে, এটা কূৰ্মৰূপী ভগৱান জনাৰ্দন বিষ্ণুৰ আৰু আনটো অনন্তশায়ী বিষ্ণুৰ মন্দিৰ।

learn more
Service-Image

ৰুদ্ৰেশ্বৰ দেৱালয়

উত্তৰ গুৱাহাটীৰ শিলসাঁকোৰ পৰা এমাইলমান উত্তৰে ৰুদ্ৰেশ্বৰ নামৰ গাঁৱত ৰুদ্ৰেশ্বৰ দেৱালয় অৱস্থিত। এই দেৱালয়ৰ সৈতে আহোম ৰাজত্বৰ ইতিহাস জড়িত হৈ আছে। মহাৰাজ ৰুদ্ৰসিংহক আহোম ৰজাসকলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ আখ্যা দিয়া হয়। তেওঁ ১৬৯৬ খৃষ্টাব্দৰ পৰা ১৭১৪ খৃষ্টাব্দলৈ আহোম ৰাজপাটত আছিল। ৰুদ্ৰসিংহই আহোমৰ পশ্চিম সীমা কৰতোৱালৈ সম্প্ৰসাৰণৰ উদ্দেশ্যে উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰ আৰু ৰংমহলত এটা বিৰাট সৈন্য বাহিনীৰে বংগ জয়ৰ উদ্দেশ্যে উপস্থিত হয়।

learn more
Service-Image

দীৰ্ঘেশ্বৰী মন্দিৰ

আমিনগাঁও উত্তৰ গুৱাহাটী মান্দাকাটা পথেৰে গৈ নাজিৰাখাট এৰি কিছুদূৰ গৈ এখন ওখ পাহাৰৰ দাঁতিয়েদি এটা সৰু পথ পোৱা যায়। এই পথটো লেঙা হৈ কুৰুৱাত মিলি গৈছে। এই পাহাৰখনক কোৱা হয় সীতাপৰ্বত। এই পৰ্বতৰ ওপৰতেই বিৰাজমান দীৰ্ঘেশ্বৰী মন্দিৰ। যোগিনীতন্ত্ৰৰ মতে বৰবংশৰ মৌজাৰ দীৰ্ঘেশ্বৰী পৰ্বতক সীতাপৰ্বত বোলে।

learn more
Service-Image

সত্ৰ

ৰজাদুৱাৰত নিৰ্মিত আনন্দৰাম বৰুৱা স্মৃতিভৱনৰ গাতে লগাকৈ কানাই বৰশীবোৱা শিলালিপি আছে। প্ৰত্নতাত্ত্বিক বিভাগে এই শিলালিপিখন সংৰক্ষণ কৰি ৰাখিছে।

learn more

ফেৰী / জাহাজ সেৱা

Heading-Logo

গুৱাহাটীৰ পৰা

  • ৰাজাদুৱাৰ ঘাট :-:
    ৰাতিপুৱা ৭:৩০,৮:৩০,৯:০০,১০:৩০ আৰু আবেলি ১:০০,৩:০০,৫:৩০,৬:৪৫
  • ৰবিবাৰ -:
    ৰাতিপুৱা ৯:৩০, ১০:৩০ আৰু আবেলি ৫:৩০

উত্তৰ গুৱাহাটীৰ পৰা

  • ৰাজাদুৱাৰ ঘাট :-:
    ৰাতিপুৱা ৮:০০, ৯:০০, ৯:৩০, ১১:৩০ আৰু আবেলি ২:০০, ৪:০০, ৬:০০ আৰু ৭:১৫
  • ৰবিবাৰ-:
    ৰাতিপুৱা ৯:৩০ আৰু আবেলি ১:৩০ আৰু ৬:০০

গুৱাহাটীৰ পৰা

  • মধ্যম খন্দ ঘাট :-
    ৰাতিপুৱা ৮:৪৫, ১০:০০ আৰু আবেলি ৪:৩০, ৬:০০ আৰু ৭:০০
  • ৰবিবাৰ -
    ৰাতিপুৱা ১০:৩০ আৰু আবেলি ৫:০০

উত্তৰ গুৱাহাটীৰ পৰা

  • মধ্যম খন্দ ঘাট :
    ৰাতিপুৱা ৯:২৫, ১০:৩০ আৰু আবেলি ৫:০০, ৬:৩০ আৰু ৭:৩০
  • ৰবিবাৰ :
    ৰাতিপুৱা ১১: আৰু আবেলি ৫:৩০ ইয়াৰ উপৰিও ইঞ্জিন চালিত নাঁও ৰাতিপুৱা ৬-৩০ বজাৰ পৰা দু্য়োপাৰৰ পৰা পোৱা যায়।

🔔 Daily Program & Updates

Heading-Logo
DOUL UTSAV -2026
06:15 PM The DOUL UTSAV -2026 (the festival of Colour) will be celebrated at SRI SRI DOULGOVINDA TEMPLE, Rajaduar ,North Guwahati with 5 (Five) Days religious and cultural Programmes commencing from 2nd March to 6th March 2126.

Our Videos

Heading-Logo

Daily Routine

Heading-Logo

ৰাতিপুৱা

৬:৩০-৭:০০

মহাস্নান অৰু গোবিন্দৰ নিত্য পূজা অর্চনা |

ৰাতিপুৱা

৭:৩০

তীৰ্থযাত্রী দৰ্শনৰ বাবে কপাট মূকলি

দুপৰীয়া

১২:১৫

ভোগ উচ্চৰ্গাৰ সময়্ত মন্দিৰৰ দ্বাৰ বন্ধ কৰা হয় |

দুপৰীয়া

১২:৩৫-

পুনৰ মন্দিৰ্কপাট তীৰ্থযাত্ৰীৰ বাবে মুকলি কৰা হয় অৰু ভক্ত সকলৰ মাজত প্ৰসাদ বিতৰন কৰা হয় |
আবেলি সূৰ্য্যাস্তৰ লগে লগে মন্দিৰৰ দ্বাৰ বন্ধ হ্য় |
743

Daily Darshan

13

Working Staff

85+

member

38+

Programs

our events

Heading-Logo
Event Image

00

Days

00

Hours

00

Minutes

00

Seconds
Doul Utsav-2026

The DOUL UTSAV -2026 (the festival of Colour) will be celebrated at SRI SRI DOULGOVINDA TEMPLE, Rajaduar ,North Guwahati with 5 (Five) Days religious and cultural Programmes commencing from 2nd March to 6th March 2026.

06:24 PM

Rajaduar, North Guwahati