|   |  বিষয়বস্তু:    |  মতামত  |  আমাক যোগাযোগ কৰক  |   |  ভাষা সলনি কৰিবলে ক্লিক কৰক ইংৰাজী  | 

শ্ৰীশ্ৰী দৌলগোৱিন্দ মন্দিৰ

এক বিষয়ববীয়া ৱেবচাইট শ্ৰীশ্ৰী দৌলগোৱিন্দ প্ৰশাসনৰ

শুভাগমন

সৰ্বস্য চাহং হৃদি সন্নিৱিষ্টো
মত্ত স্মৃতিৰ্জ্ঞান মহোপনং চ।
বেদৈশ্চচ সৰ্বৈৰহমেৱ ৱেদ্যো।
বেদান্তকৃদ্বেদৱিদেৱ চাহম।।

‘ময়েই সকলো প্ৰাণীৰ হৃদয়ত অন্তৰ্যামীৰূপে থাকোঁ তথা মোৰেই পৰা স্মৃতি, জ্ঞান আৰু আপোহন উৎপন্ন হয়। সকলো বেদৰ ময়েই জ্ঞাতব্য বিষয়। তাৰোপৰি বেদান্তৰ কৰ্তা তথা বেদজ্ঞতা ময়েই বুলি জগতত দুষ্কৃতি নাশ কৰি সাধুসকলক ৰক্ষণাবেক্ষণ দি ধৰ্মস্থাপনৰ বাবে শ্ৰীশ্ৰীকৃষ্ণ ৰূপেৰে ভগৱান পৰম ব্ৰহ্মই দ্বাপৰ যুগত বাসুদেৱৰ সুত ৰূপে দৈৱকীৰ গৰ্ভত অৱতাৰিত হ'ল । সেই পূৰ্ণ অৱতাৰ শ্ৰীশ্ৰীকৃষ্ণৰ অন্যৰূপ আমাৰ উপাস্য আৰাধ্য মহাপ্ৰভু শ্ৰীশ্ৰীদৌলগোবিন্দ।

এই মহাপ্ৰভু অধিষ্ঠিত হৈ আছে ইতিহাসপ্ৰসিদ্ধ নগৰ উত্তৰ গুৱাহাটীতে, য'ত আজিও সু-স্পষ্টভাৱে পৰিলক্ষিত হয় বিগত ইতিহাসৰ নানান ক্ষত-বিক্ষত, ঘাত-প্ৰতিঘাতৰ, ঘটনা-উপঘটনাৰ সদাস্মৰণীয় পদচিহ্ন, আন কথাত ইয়াক ইতিহাসৰ এক অসংৰক্ষিত মুক্ত প্ৰাকৃতিক সংগ্ৰহালয় বুলিব পাৰি। এনেহেন ইতিহাসে গৰকা স্থানত প্ৰতিষ্ঠিত মহাপ্ৰভু শ্ৰীশ্ৰীদৌলগোবিন্দৰ অতীত ইতিহাসো সঁচাকৈয়ে অতি ৰোমাঞ্চকৰ তথা বিস্ময়কৰ।

প্ৰভুজনাৰ ইতিহাস ব্যাখ্যা কৰিবলৈ হ'লে আমি ১৮২৬ খৃষ্টাব্দলৈ উভতি যাব লাগিব। ১৮২৬ খৃষ্টাব্দৰ ২৪ ফেব্ৰুৱাৰীত ইয়াণ্ডাবু সন্ধি হয়। লগে লগে অসমৰ স্বাধীনতা অস্তমিত হয় আৰু বৃটিছ শাসনৰ সূচনা হয়। ইংৰাজসকলে স্থানীয়, সম্ভ্ৰান্ত আৰু সুদক্ষ লোকৰ সহায়ত শাসনৰ প্ৰভাৱ বিস্তাৰ কৰে। সেই অনুসৰি নলবাৰী অঞ্চলৰ সদৰ আমিনৰ দায়িত্ব পৰে উত্তৰ গুৱাহাটীৰ মজিন্দাৰ বৰুৱা বংশৰ সু-সন্তান স্বৰ্গীয় গৰ্গৰাম বৰুৱাৰ ওপৰত। স্বৰ্গীয় গৰ্গৰাম বৰুৱা বিশ্ববিশ্ৰুত ভাৰতীয় সংস্কৃত পণ্ডিত অসমৰ সু-সন্তান আনন্দৰাম বৰুৱাদেৱৰ পিতৃ।

তেখেত সদৰ আমিন হৈ থকা অৱস্থাত এদিন এটা আচৰিত ঘটনাৰ কথা শুনিবলৈ পালে। বৰ্তমান পূব পাৰ আৰু ৰঙিয়া চহৰৰ সীমাত জেকেৰীয়া নামৰ এখন গাঁও অৱস্থিত। সেই গাঁৱৰে এজন ব্ৰাহ্মণৰ কপিলী গাই এজনীয়ে সদায় হেনো শেষ নিশা গলৰ বান্ধ খুলি ওচৰতে থকা সন্ধ্যাঝাৰ নামৰ অটব্য হাবিলৈ যায় আৰু এজোপা বিৰিণাৰ ওপৰত থিয় হৈ গাইজনীৰ ওহাৰৰ পৰা গাখীৰ দিয়ে। গাখীৰ পৰা বন্ধ হ'লে গাইজনী আপোনমনে ঘূৰি আহি গোহালিত শুই থাকে। এনে আশ্চৰ্যকৰ ঘটনাৰ কথা শুনি ধৰ্মপ্ৰাণ সদৰ আমিনগৰাকী নীৰৱে বহি নাথাকি হাতীত উঠি সেই ঠাইৰ ৰহস্য উদঘাটন কৰিবলৈ গ'ল। গাঁৱৰ মুখিয়াল লোকসকলৰ লগত গৈ বিৰিণাজোপাৰ ঠাইখিনি খন্দাত প্ৰায় চাৰিফুটমান তলত এটি সুন্দৰ কৃষ্ণমূৰ্তি উদ্ধাৰ হয়।

সকলো ৰাইজৰে সন্মতি সাপেক্ষে ঢোলে-দগৰে শোভাযাত্ৰা কৰি সেই অনন্য মূৰ্তি সদৰ আমিনে নিজগাঁও ৰজাদুৱাৰলৈ আনি নামঘৰত স্থাপন কৰে। গুৰু আজ্ঞাকাৰী স্বৰ্গীয় গৰ্গৰাম বৰুৱাই মূৰ্তিজনাৰ বিহিত ব্যৱস্থাৰ বাবে গুৰু আজ্ঞা বিচাৰিলে, সেই সময়ত কুৰুৱাত বাহৰ পাতি থকা শ্ৰীশ্ৰীবৃন্দাবন চন্দ্ৰ আতাই গাঁৱৰ নামঘৰত ৰাখি পূজা আদি কৰিবলৈ নিৰ্দেশ দিয়ে। নামঘৰত ইতিমধ্যে থকা শ্ৰীশ্ৰীশ্যামৰায়ৰ লগত এই নতুন বিগ্ৰহজনাকো স্থাপিত কৰি পূজা-সেৱা কৰিবলৈ ধৰিলে। নৱপ্ৰতিষ্ঠিত বিগ্ৰহজনাই নিজৰ অলৌকিক মহিলা প্ৰকাশ কৰিবলৈ যেন সুযোগ চাই আছিল।

সেই বছৰ ফাল্গু উৎসৱ বা ফাকুৱাৰ সময় ওচৰ চাপিলত বৰসাতোলা মিহিৰাম বৰুৱা আৰু পূজাৰীদেৱ প্ৰমুখ্যে সকলো বিপাঙত পৰিল।

কোনজনা বিগ্ৰহক দৌলত তোলা হ'ব। সেই চিন্তা অৱশেষত পূজাৰীজনাই দুয়োজনকে বৰ স-ভক্তিৰে পূজা-পাতল কৰি নিৱেদন জনালে – তেৰাসৱৰ ভিতৰত যিজনাক দৌলত তুলিব লাগে সিজনা যেন আনজনাতকৈ চাৰি আঙুলমান আগবাঢ়ি থাকে। বিধিৰ বিধান আৰু দৌলগোবিন্দৰ অপাৰ মহিমাত নতুনকৈ অনা বিগ্ৰহজনা অলপ আগবাঢ়ি থাকে। পিছদিনা দুৱাৰ খুলি পূজাৰীজন হতবাক হ'ল আৰু ৰাইজৰ বৰমূৰীয়াসকলক জনালে। ৰাইজো আশ্বস্ত হ'ল। ভগৱানে নিজে সমস্যাৰ সমাধন দিলে। নতুনজনাক দৌলত তোলা হ'ল। তেতিয়াৰ পৰাই এইজনা বিগ্ৰহ দৌলগোবিন্দ নামে প্ৰখ্যাত হ'ল। ইয়াৰ লগতে ঘটিল আন এটি অলৌকিক ঘটনা। পুৰণি বিগ্ৰহ শ্ৰীশ্ৰীশ্যামৰায়জনা কিবা প্ৰকাৰে ৰাতি সিংহাসনৰ পৰা পৰি যোৱাত হাত এখনৰ ক্ষতি হয়। অঙ্গক্ষত বিগ্ৰহ পূজা নহয় বাবে সেইজনাৰ পূজা পাতাল ৰহিত হ'ল। তেতিয়াৰ পৰাই দৌলগোবিন্দ স্বমহিমাময় ৰূপত বিৰাজ কৰি জাগ্ৰত মূৰ্তিলৈ অগ্ৰসৰ হ'ল। এইজনা আৰাধ্য শ্ৰীশ্ৰীদৌলগোবিন্দ দেৱ হৈছে দ্বাপৰ যুগৰ ভগৱান পৰম ব্ৰহ্মৰ পূৰ্ণ অৱতাৰ শ্ৰীশ্ৰীকৃষ্ণৰ অন্য এটি ৰূপ। এই ঐতিহ্যমণ্ডিত মহাপ্ৰভু শ্ৰীশ্ৰীদৌলগোবিন্দ মন্দিৰৰ ইতিহাস সঁচাকৈয়ে অতি ৰোমাঞ্চকৰ তথা বিস্ময়কৰ।

এই দৌলগোবিন্দৰ অতীত বিচাৰিবলৈ গলে অসম বুৰঞ্জীৰ কেইখিলামান পাত লুটিয়াব লাগিব। অসমৰ আকাশত স্বাধীনতাৰ বেলি মাৰ যাবলৈ আৰম্ভ কৰিছে। ঠায়ে ঠায়ে ন ন ৰজাই সৰু সৰু ৰাজ্যৰ পাতনি মেলি আহোম স্বৰ্গদেউসকললৈ প্ৰত্যাহ্বান জনালে। এই ঘটনাক দন্দুৱাদ্ৰোহ আখ্যা দিয়া হৈছে। এই বিদ্ৰোহ ঘোষণা হয় ১৭৮৮ খৃষ্টাব্দত আৰু দমন হয় ১৭৯৫ খৃষ্টাব্দত। ১৭৯৫ খৃষ্টাব্দত গৌৰীনাথ সিংহ ৰাজপাটত উঠে। এইজন স্বৰ্গদেৱে বদন বৰফুকনৰ ঠাইত ক'লীয়া ভোমোৰাক গুৱাহাটীৰ বৰফুকন পাতে। তেওঁৰ নেতৃত্বত বীৰদত্ত পৰাজিত হ'ল আৰু হৰদত্ত সপৰিয়ালে সন্ধ্যাঝাৰ হাবিত আত্মগোপন কৰিলে। শেষত হৰদত্ত ধৰা পৰিল আৰু আহোম ৰজাই তেওঁক শূলত দিলে। এই পৰিয়ালৰ কোনো এজনো জীয়াই নাথাকিল। সম্ভৱতঃ এই আত্মগোপনৰ কালছোৱাতেই হৰদত্তই নিজৰ কুলবিগ্ৰহজনাক পালন কৰিবলৈ অক্ষম হৈ মাটিত পুতি থলে। কাৰণ তেওঁলোক বিশেষভাৱে বিষ্ণুভক্ত আছিল। তেতিয়াৰ পৰা এই বিগ্ৰহজনাই সম্ভৱতঃ নিত্য দুগ্ধস্নানৰ জৰিয়তে নিজা কৰ্তব্য সমাপন কৰি যোগ্যজনৰ দ্বাৰা উদ্ধাৰৰ প্ৰতীক্ষা কৰি আছিল।

সন্ধ্যাঝৰ আৰু ইয়াৰ লগত থকা হৰদত্তৰ প্ৰত্যক্ষ সম্পৰ্কৰ বিষয়ে ৰজনীকান্ত বৰদলৈদেৱৰ বুৰঞ্জীমূলক উপন্যাস দন্দুৱাদ্ৰোহৰ পাতনিত প্ৰত্যক্ষদৰ্শীৰ ভূমিকাৰে এনেদৰে উল্লেখ কৰিছে– ‘আমি ৰঙিয়াত মাটি পট্টন কৰি ফুৰোতে এদিন দুপৰীয়া পুঠিমাৰী নৈৰ পাৰত এডোখৰ মনোৰম ঠাই পাই তাতে অলপ পৰ জিৰাইছিলোঁ। ঠাইডোখৰ নৈৰ দাঁতিৰ পৰা প্ৰায় ৫০ তাঁৰমান বহল। আধামাইল দীঘল ই এখন মুকলি পথাৰ। এই পথাৰৰ পশ্চিমে প্ৰায় সিমান আয়তনৰ আৰু এডোখৰ ঠাই আছিল। ইয়াৰ মাজে তলউলুৱনি হাবিৰে ভৰপূৰ আছিল। ইয়াৰ পশ্চিমে এখন ঝাৰণি হাবি। আমাৰ লগত যোৱা মতল গাঁওবুঢ়া আৰু গাঁৱৰ দুই চাৰিজন ভদ্ৰলোকক সেই ঠাইডোখৰৰ নাম কি, কথা কি, বতৰা কি সোধোঁতে আমাক বুঢ়াভগীয়া ভাল মানুহ এজনে ক'লে বাপ, সেই যে হাবিখন দেখিছা, আগৰ জেকেৰুৱা বৰুৱা হৰদত্ত-বীৰদত্তৰ গাঁও আছিল। নৈৰ সিপাৰে সৌ আলিৰ দৰে যে সেইটো দেখিছা সেইটোৱেই জেকেৰীয়া বৰুৱাৰ আলি। ইয়াৰ পৰা বাইহাটাৰ মাজেৰে গৈ এই আলি চীলাৰ চকী ওলাইছে। বৃদ্ধজনৰ কথাত আমি লগত মানুহ-দুনুহলৈ ঝাৰণিখনত সোমালো। তাত ঠায়ে ঠায়ে ঘৰৰ ভেটি, ধাপ, আলিবাট আদিৰ চিন পালো। মাজতে মজলীয়া বিধৰ পুখুৰী এযোৰ পালো। সেই পুখুৰী নল আৰু পিতনিৰে ভৰি আছিল । এই বিলাক চাই-চিতি লৈ জিৰাই-শঁতাই ‘কেম্পলৈ' উভতিলো। কেম্পৰ চৰকাৰী কাম এফেৰা কৰি উঠি বুঢ়াজনৰ মুখে হৰদত্ত, বীৰদত্ত, পদুমকুমাৰী, কমেদান সিং, বৰফুকন এইসকলৰ ইতিবৃত্ত সাধুকথা শুনাদি শুনিলোঁ। শুনি শুনি দীঘলকৈ হুমুনিয়াহ কাঢ়িলোঁ আৰু বুঢ়াৰ মুখে শুনা কথা প্ৰধান ঘটনাবিলাক টুকি থলোঁ।

বৰদলৈদেৱৰ এই টোকায়ো দৌলগোবিন্দজনাৰ অতীত ইতিহাসৰ সাক্ষী দিয়ে। সদৰ আমিন বৰুৱাদেৱে অৱসৰ লৈ ঘৰত থিতাপি লোৱাত দৌলগোবিন্দ প্ৰভুক বৰ্তমানৰ স্থানলৈ অনাৰ ব্যৱস্থা কৰে। বিগ্ৰহজনাৰ পূজা-পাতলৰ খৰচৰ বাবে পোনাৰাম বৰুৱাই ৰংমহল গাঁৱৰ নিজ নামত থকা ৫ বিঘা ২ কঠা ৫ লেছা মাটি কূলগুৰুক উচৰ্গা কৰি দিয়ে। শ্ৰীশ্ৰীদৌলগোবিন্দ মহাপ্ৰভুৰ নামঘৰটো ১৯১৩-১৪ চনমানতহে টিনেৰে সজা হয় আৰু তাৰ ভেটি আদি ইটাৰে সজা হয়। কালক্ৰমত মহাপ্ৰভুৰ মহিমা চৌদিশে বিয়পি পৰে। যাত্ৰী আৰু ভক্তৰ সমাগম বৃদ্ধি পাবলৈ ধৰে। জাগ্ৰত প্ৰভুগৰাকীৰ অলৌকিক আভাই সকলোকে মোহিত কৰে।

মহাপ্ৰভুৰ মন্দিৰটো আটকধুনীয়াকৈ নিৰ্মাণ কৰিবলৈ স্থিৰ কৰি গাঁওবাসী ৰাইজে বুৰঞ্জীবিদ প্ৰয়াত ৰমেশ চন্দ্ৰ বৰকাকতীদেৱক সভাপতি আৰু শ্ৰীপৰেশচন্দ্ৰ বৰাদেৱক সম্পাদক হিচাপে লৈ এটি মন্দিৰ নিৰ্মাণ কমিটি গঠন কৰে। এই কমিটিয়ে প্ৰয়াত পয়োধৰ বৰুৱা, মহেন্দ্ৰ কুমাৰ বৰুৱা, মাধৱচন্দ্ৰ বৰুৱা, মহিমচন্দ্ৰ বৰুৱা, বদন চন্দ্ৰ বড়া, আৰু ভোলাৰাম দাস সহিত বয়োবৃদ্ধ ৰাইজৰ লগত আলোচনা কৰি মন্দিৰৰ নক্সাৰ বাবে উত্তৰ গুৱাহাটীৰ ৰুদ্ৰেশ্বৰ নিৱাসী শ্ৰীবংশীধৰ শইকীয়াক অনুৰোধ কৰে আৰু শ্ৰীশইকীয়াই দিয়া নক্সাৰে মন্দিৰ নিৰ্মাণৰ কাম আগবাঢ়িল। সভাপতিৰ সবল নেতৃত্বত আৰু গাঁওবাসী ৰাইজৰ অক্লান্ত পৰিশ্ৰম আৰু ভক্তবৃন্দৰ সহযোগত ১৯৭০ চনত মূল মন্দিৰৰ নিৰ্মাণ কাৰ্য সমাধা হয়। এই কাৰ্যত বিশেষভাৱে জড়িত ব্যক্তিসকলৰ ভিতৰত প্ৰয়াতসকল – পয়োধৰ বৰুৱা, মহিমচন্দ্ৰ বৰুৱা, মহেন্দ্ৰ কুমাৰ বৰুৱা, বদন চন্দ্ৰ বৰা, মাধৱ চন্দ্ৰ বৰুৱা, উপেন্দ্ৰ কান্ত বৰুৱা, নগেন বৰা, ভোলাৰাম দাস, ভুটুং ৰাম দাস, উদয়চন্দ্ৰ বড়া, কালিৰাম ডেকা, অশ্বিনী কুমাৰ বৰুৱা, দাসীৰাম দাস, সাৰদাকান্ত শীল, ৰুক্মিণী কান্ত বৰুৱা আদিৰ নাম উল্লেখনীয়।

মহাপ্ৰভুৰ কৃপাধন্য জীৱিত ব্যক্তিসকলৰ অনেকেই এই পৰিচালনা কমিটিৰ নানান বিষয়বাবত থাকি অথবা বাহিৰৰ পৰাই এই নিৰ্মাণ কাৰ্যত বিভিন্ন অৰিহণা যোগাইছে। ১৯৭০ চনৰ ব'হাগ মাহৰ অক্ষয় তৃতীয়াত নৱনিৰ্মিত মন্দিৰত দৌলগোবিন্দ মহাপ্ৰভুক অভিষিক্ত কৰা হয়। এই নিৰ্মাণ কাৰ্যত প্ৰায় ৪০ হাজাৰৰ অধিক টকা খৰচ হয়। প্ৰয়াত মুখ্যমন্ত্ৰী মহেন্দ্ৰ মোহন চৌধুৰী ডাঙৰীয়াই ৰাজ্যিক লটাৰি পুঁজিৰ পৰা পাঁচ হাজাৰ টকাৰ অনুদান এই নিৰ্মাণ কাৰ্যৰ বাবে আগবঢ়ায়। ইয়াৰ বাহিৰে বাকী সকলোখিনি ধন ৰাইজৰ দান-বৰঙনিৰ পৰা পোৱা হয়।

শাস্ত্ৰীয় বিধি অনুসৰি মহাপ্ৰভুৰ নানা পূজা, ভোগ, আৰতি শয়ন আদিৰ ব্যৱস্থা আছে। ৰাতিপুৱা ৬-৩০ বজাত মন্দিৰৰ দুৱাৰ মুকলি কৰা হয়। আৰু পূজাৰীসকলে মন্দিৰৰ ভিতৰভাগ ধুই-পখালি মহাপ্ৰভুক স্নান কৰোৱাৰ ব্যৱস্থা কৰে। প্ৰতিদিনেই ৰাতিপুৱা নিৰ্মল পানীৰ লগত গৰুৰ গাখীৰ মিহলাই, তুলসী চন্দন, কৰ্পুৰ, অগৰু, ফুল আদিৰ পানীৰে স্নান কৰাই নতুন বস্ত্ৰ পৰিধান কৰাই সিংহাসনত ৰখা হয়। নিত্য পূজাভাগ কৰোৱাৰ পিছতে যাত্ৰীসকলৰ দৰ্শন আৰম্ভ হয়। ভক্তসকলে ভোগ নৈবেদ্য, বন্তি, ধূপ আদি আগবঢ়াই নিজ নিজ মনোকামনা পূৰণৰ বাবে মহাপ্ৰভুৰ ওচৰত প্ৰাৰ্থনা জনায়। ইয়াৰ উপৰি সোণ-ৰূপৰ সামগ্ৰী, ফুল-তুলসী আদিও মহাপ্ৰভুলৈ আগবঢ়ায়। দুপৰীয়া মহাপ্ৰভুলৈ ভোগ উচৰ্গা কৰা হয়। আৰু উপস্থিত যাত্ৰীসকলৰ মাজত সেই ভোগ বিতৰণ কৰা হয়। সূৰ্য্যাস্তৰ আগে আগে মহাপ্ৰভুক শয়ন দিয়া হয়। আৰু মন্দিৰৰ দুৱাৰ বন্ধ হয়। সন্ধিয়া হোৱাৰ লগে লগে ধূপ-ধুনা আৰু চাকিৰ গোন্ধে গোটেই প্ৰাঙ্গন সুবাসিত কৰি তোলে। ভক্তসকলৰ ভাগৱত কীৰ্তন ঘোষাৰ পদৰ সুললিত সুৰ বা নাম-কীৰ্তনৰ অন্তৰস্পৰ্শী ধ্বনিয়ে সকলোৰে মন-প্ৰাণ হৰি নিয়ে। নিত্য পূজাৰ উপৰি শ্ৰীকৃষ্ণ জন্মাষ্টমী আৰু ফাকুৱা উৎসৱ ইয়াত মহা ধুমধামেৰে পালন কৰা হয়। জন্মাষ্টমীৰ নিশা যাত্ৰীৰ ভিৰ মন কৰিবলগীয়া, মহাপ্ৰভুক একেলগে সেৱা জনোৱাৰ কাৰণে হেতাওপৰা লাগে। গোটেই নিশা শ্ৰীকৃষ্ণৰ নাম-গুণ গাই ভক্তবৃন্দই প্ৰভুৰ বন্দনা কৰে। শোক-তাপক্লিষ্ট জাগতিক প্ৰাণীয়ে যেন সকলো দুখ-যন্ত্ৰণা ভগৱানৰ চৰণ নিৱেদন কৰি পৰম শান্তি লাভ কৰে। শঙ্কৰদেৱ মাধৱদেৱৰ তিথিও যথাবিহিত কাৰ্যসূচীৰে পালন কৰা হয়।

পৰম্পৰাগতভাৱে ফাকুৱা উৎসৱৰ পাঁচ দিন জন সমুদ্ৰত পৰিণত হয়। নাম-কীৰ্তন, যাত্ৰা-ভাওনা, ওজাপালিৰ উপৰি বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে ফাকুৱা উৎসৱ পালন কৰা হয়। শেষৰ দিনা মহাপ্ৰভুক দোলাত তুলি ঢোলে-দগৰে নগৰ পৰিভ্ৰমণ কৰা হয়। এই শোভাযাত্ৰাত পুৰুষ-মহিলা আটায়ে ভাগ লয় আৰু এয়া যেন গাঁওবাসীৰ পৰম ধৰ্মীয় কাৰ্য। শোভাযাত্ৰাৰ সময়ত প্ৰতিঘৰে পদূলিমুখ সাৰি-মচি চাকি-ধূপ জ্বলাই মহাপ্ৰভুক প্ৰণাম জনাই আৰু পৰম শান্তি লাভ কৰে। অম্বুবাচীৰ সময়ত মন্দিৰৰ দুৱাৰ বন্ধ থাকে।

মাঘীপূৰ্ণিমা দৌলগোবিন্দ মন্দিৰৰ এটা বিশেষ ধৰ্মীয় দিন। সেইদিনা যাত্ৰীৰ ভিৰ ইমান বেছি হয় যে গোটেই অঞ্চলটোৱে লোকে লোকাৰণ্য হয়। যাত্ৰীৰ উচৰ্গিত ভোগ-নৈবেদ্য ভঁৰাল উপচি পৰে। তাৰোপৰি প্ৰহাপ্ৰভুক সেৱা জনোৱা কাৰণে যাত্ৰীসকলৰ দীঘলীয়া শাৰী মন কৰিবলগীয়া।

এই অনুষ্ঠানৰ সুস্থ পৰিচালনাৰ বাবে নীতি-নিয়ম নিৰ্ধাৰণ কৰা হয় সাধাৰণ পৰিষদৰ সংখ্যাগৰিষ্ঠ মতামতৰ জৰিয়তে আৰু এই নীতি-নিয়মসমূহৰ কাৰ্যকাৰিতা ৰূপায়ণ কৰে কাৰ্যনিৰ্বাহক সভাই। দৌলগোবিন্দৰ প্ৰতি গাঁওবাসীৰ শ্ৰদ্ধা অপৰিসীম। কোনো বিষয়বাব নাথাকিলেও আৱশ্যক অনুযায়ী গাঁওবাসীয়ে যি কোনো সেৱাৰ বাবে আগবাঢ়ি আহে। আই মাতৃ আৰু যুৱক-যুৱতীসকলৰ প্ৰভুৰ অনুষ্ঠানটোৰ প্ৰতি শ্ৰদ্ধা-ভক্তি অপৰিসীম। এই মন্দিৰৰ যি কোনো কামৰ কাৰণে যুৱক-যুৱতীসকল আগবাঢ়ি আহি একান্তমনে কাম কৰি শান্তি লাভ কৰে। মন্দিৰ পুনৰ নিৰ্মাণৰ সময়ত ৰজাদুৱাৰৰ আয়তীসকলে তেখেতসকলৰ জমাৰ পৰা অৰ্থৰ টোপোলাও আগবঢ়াইছিল।

শ্ৰীশ্ৰীদৌলগোবিন্দ মহাপ্ৰভুৰ অলৌকিক মহিমাও অপাৰ। এই মহিমাত অসমৰ ভিতৰ, বাহিৰৰ লোকে প্ৰভুৰ প্ৰতি আকৃষ্ট হৈ চৰণতলত শৰণ লয়। দৌলগোবিন্দৰ খ্যাতি বাঢ়ি যোৱাৰ লগে লগে ৰাইজৰ দায়িত্বও বাঢ়ি আহিছে। এইখিনিতে দৌলগোবিন্দ মহাপ্ৰভুৰ অলৌকিক মহিমাৰ কথা নজনালে নিশ্চয় ভুল কৰা হ'ব। এদিন দুপৰীয়া নিৰ্মীয়মাণ মন্দিৰৰ খুঁটাৰ বাবে গাঁত খান্দি থাকোতে এটা অদ্ভুত ঘটনা ঘটে। বিহাৰী শ্ৰমিক এজনে গাঁত খান্দি থাকোতে শুভ্ৰ বসন পৰিহিত এজন বৃদ্ধ মানুহে তাৰ কাম চাই আছিল। কিন্তু আচৰিত কথা মানুহজন নিমিষতে নোহোৱা হ'লত সি ভাবিলে নিশ্চয় সভাপতি ৰমেশচন্দ্ৰ বৰকাকতী দেউতা আছিল। শ্ৰমিকজনে ওপৰলৈ উঠি, ঘূৰি পকি চাই কাকো নেদেখি বৰকাকতীদেৱৰ ঘৰলৈ গৈ সুধিলে, ‘দেউতা তই ইমান সোনকালে কেনেকৈ ঘৰ আহি পালিহি' মই নিশ্চয় কিবা দেও-মনিচ দেখিলো।' বৰকাকতীদেৱে তাক বুজাই ক'লে, ‘‘তই যা কাম কৰগৈ,' ‘কেতিয়াবা এইদৰে বুঢ়া ডাঙৰীয়া ওলালে তই সাৱধানে চলা ফুৰা কৰিবি আৰু কথাবিলাক য'তে ত'তে ভলভলাই কৈ নুফুৰিবি।'' পিছত সি কাম কৰিছিল যদিও তাৰ মনৰ পৰা সেই দৃশ্য আঁতৰি যোৱা নাছিল। ঠিক বাৰদিন পিছত হঠাৎ এদিন তাৰ সন্নিপাত জ্বৰ উঠি সেই বিহাৰী শ্ৰমিকজনে ইহলীলা সম্বৰণ কৰিলে। দৌলগোবিন্দৰ প্ৰভাৱ তথা মহাত্ম্য সম্বন্ধে এনে বহুটো ঘটনা আছে যিবোৰৰ কাৰণে দৌলগোবিন্দৰ মন্দিৰ আৰু ভক্তসৱৰ সম্বন্ধ অতি অন্তৰ্নিহিত। যিসকল ভক্তই একান্ত ভক্তি আৰু নিষ্ঠাসহকাৰে মহাপ্ৰভুৰ চৰণত সেৱা আগবঢ়াই ভোগ নৈবেদ্য, চাকি-ধূপৰ সুগন্ধিৰে নিজকে উচৰ্গা কৰে, সেই ভক্তসকলেও যেন অনন্ত শান্তি ও মনোকামনাৰ সিদ্ধি লাভ কৰে। এই মন্দিৰৰ বিভিন্ন পূজা-পাৰ্বণকে আদি কৰি বিভিন্ন কাম-কাজ বিশেষভাৱে ৰাইজ তথা ভক্তবৃন্দৰ দান-বৰঙনিৰ দ্বাৰাই কৰা হয়। দৌলগোবিন্দৰ মূল প্ৰৱেশদ্বাৰ নিৰ্মাণ কৰিবলৈ চিন্তা-চৰ্চা কৰোতেই গুৱাহাটীৰ শ্ৰীমতী উত্তৰাপ্ৰিয়া ডেকাই আৰ্থিক সাহায্য আগবঢ়ায় আৰু শিল্পী শ্ৰীৰমেশ ঘোষ ডাঙৰীয়াৰ সুন্দৰ আৰ্হিৰ জৰিয়তে মূল প্ৰবেশদ্বাৰ নিৰ্মাণ কৰা হয়।

শ্ৰীশ্ৰীদৌলগোবিন্দ মন্দিৰৰ যাত্ৰী আৰু ভক্তবৃন্দৰ ভিৰলৈ লক্ষ্য কৰি পুৰণি ৰভা তথা দৌলঘৰটো পুনৰ নিৰ্মাণ কৰিবলৈ পৰিচালনা সমিতিয়ে সিদ্ধান্ত গ্ৰহণ কৰে আৰু এটা শুভদিনত মহাপয়োভৰে ৰজাদুৱাৰৰ বয়োবৃদ্ধ ভক্তপ্ৰাণ পুৰুষ স্বৰ্গীয় মাধৱ চন্দ্ৰ বৰুৱাৰ দ্বাৰাই আধাৰশিলা স্থাপন কৰা হয়।

এনে সময়তে পৰিচালনা সমিতিয়ে মন্দিৰৰ পূবফালে থকা ৩ কথা ১৬ লেচা মাটি শ্ৰীডিম্বেশ্বৰ বৰুৱাৰ পৰা কিনি মন্দিৰৰ পৰিসৰ বৃদ্ধি কৰে আৰু এই স্থানতে স্থপতি অভিযন্তা ‘architect engineer' শ্ৰীযোগদা ভূঞা ডাঙৰীয়াৰ আকৰ্ষণীয় নক্সাৰে নতুন ৰভা আৰু দৌলঘৰ ভক্তসকলৰ আৰ্থিক দানেৰে নিৰ্মাণ কৰা হয়। মন্দিৰৰ জগমোহন আৰু ৰভাঘৰ নিৰ্মাণ কৰা হৈছে যদিও মহাপ্ৰভুৰ পূজা সেৱাৰ কৰ্ম সুচাৰুৰূপে চলাবলৈ আৰু দুৰণিবটীয়া যাত্ৰীৰ থকা-মেলাৰ সুবিধাৰ কাৰণে পৰিচালনা সমিতিয়ে এটা অতিথিশালা আৰু সভাসমিতি আদি অনুষ্ঠিত কৰিবলৈ আৰু ধৰ্মীয় তথা কলা-সংস্কৃতিৰ বিষয়ে চিন্তা-চৰ্চা কৰিবলৈ এটা প্ৰেক্ষাগৃহ নিৰ্মাণ কৰিবলৈ এখন ‘মাষ্টাৰ প্লেন' গ্ৰহণ কৰিছে। ইতিমধ্যে অতিথিশালাৰ নিৰ্মাণৰ কাম প্ৰায় শেষ হৈছে। অতিথিশালা নিৰ্মাণ কৰাৰ কাৰণে স্বৰ্গীয় থানেশ্বৰ বৰুৱাৰ পৰা ৬ কঠা ১৯ লেচা মাটি পৰিচালনা সমিতিয়ে কিনি দৌলগোবিন্দৰ পৰিসৰ বৃদ্ধি কৰে। এনে সময়তে সাংসদ শ্ৰীভুৱনেশ্বৰ কলিতাই এটা restshade নিৰ্মাণৰ কাৰণে ৪০,০০০ টকা অনুদান দিয়ে।

এই অতিথিশালা নিৰ্মাণৰ কাৰণে গুৱাহাটীৰ ‘ডিজাইনাৰ্চ গীল্ড’ৰ স্বত্বাধিকাৰী আৰু স্থপতি অভিযন্তা শ্ৰীদিলীপ বড়াদেৱে বিনামূলীয়াকৈ নক্সা কৰি দিয়ে। এনে সময়তে মাননীয় ৰাজ্যসভাৰ সাংসদ ডঃ মনমোহন সিং ডাঙৰীয়াই এম. পি, এল এ, ডি পুঁজিৰ পৰা আগবঢ়োৱা আৰ্থিক অনুদানেৰে দৌলগোবিন্দ অতিথিশালা নিৰ্মাণ কৰা হয়। এই সময়তে চিলঙৰ শ্ৰীমতী পূৰবী ডেকাই এক লাখ টকা আৰু গুৱাহাটীৰ শ্ৰীনিৰ্মল কুমাৰ দত্তই পঁচিশ হাজাৰ টকাৰ আৰু ইণ্ডিয়া কাৰ্বনৰ শ্ৰীপ্ৰফুল্ল কুমাৰ মহন্তই পঁচিশ হাজাৰ টকা অতিথিশালা নিৰ্মাণ কৰিবলৈ আগবঢ়ায়।

শ্ৰীশ্ৰীদৌলগোবিন্দৰ প্ৰেক্ষাগৃহ এটা নিৰ্মাণ কৰিবলৈ বিভিন্ন ঠাইত পুঁজিৰ কাৰণে আৱেদন জনোৱা হৈছে। শুভক্ষণত পুঁজিৰ যোগান পালে প্ৰস্তাৱিত প্ৰেক্ষাগৃহ নিৰ্মাণ কৰিবলৈ সমিতিয়ে আশা ৰাখিছে।