সত্ৰ
ৰজাদুৱাৰত নিৰ্মিত আনন্দৰাম বৰুৱা স্মৃতিভৱনৰ গাতে লগাকৈ কানাই বৰশীবোৱা শিলালিপি আছে। প্ৰত্নতাত্ত্বিক বিভাগে এই শিলালিপিখন সংৰক্ষণ কৰি ৰাখিছে। এই শিলালিপিখনক উত্তৰ গুৱাহাটীত আৱিষ্কৃত প্ৰথম শিলালিপি বুলি কোৱা হয়। ১১২৭ শকত এই কানাই বৰশীবোৱা শিলালিপিত এনেদৰে লিখা আছে–
"শাকে তুৰঙ্গ যুগ্মেশে মধুমাসে
ত্ৰয়োদশে
কামৰূপং সমাগতং তুৰস্কাঃ ক্ষয়মাসসুঃ।"
কানাই বৰশীবোৱা শিলালিপিয়ে তুৰ্কী সৈন্য বক্তিয়াৰ খিলিজাক বন্দী কৰাৰ উপৰি আৰু অনেক তথ্যৰ আভাস দিয়ে। ১২০৬ খৃষ্টাব্দত পৃথু নামৰ কামৰূপৰ ৰজা এজনে বক্তিয়াৰ খিলিজিক যুদ্ধত পৰাস্ত কৰি শৌৰ্যবীৰ্যৰ পৰিচয় দিছিল। ধৰ্মপাল ৰজাৰ ৰাজধানী উত্তৰ গুৱাহাটীত থকাৰ প্ৰমাণ এই শিলালিপিয়ে ডাঙি ধৰে। এই শিলালিপিসমূহ আমাৰ অসমৰ জাতীয় সম্পদ। ভৱিষ্যত ইতিহাস গৱেষকসকলৰ কাৰণেও এইবোৰ মূল্যবান সম্পদ।
উত্তৰ গুৱাহাটীৰ সত্ৰ :
উত্তৰ গুৱাহাটীৰ সৰ্বমুঠ তিনিখন সত্ৰ আছে। গড়মূৰ, আউনিআটী আৰু
দিহিং সত্ৰ। এইকেইখন ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত অৱস্থিত। উত্তৰ গুৱাহাটীৰ
আউনিআটী সত্ৰ মাজুলীত থকা মূল আউনিআটী সত্ৰৰ অধিকাৰৰ দিনত পতা
হয়। মানৰ আক্ৰমণ আৰু মৰাণ বিদ্ৰোহৰ সময়ত সম্ভৱতঃ পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ
জীৱিত কালত আনি (ভৰলুমুখত) ছজনা ডেকা সত্ৰাধিকাৰৰ সৈতে পোনতে সত্ৰ
পাতিছিল। অসমৰ বাৰখন সত্ৰৰ ভিতৰত ই এখন অন্যতম সত্ৰ। আউনিআটী সত্ৰত
মাজুলীৰ ভকতসকলৰ দ্বাৰা প্ৰতিবছৰে অংকীয়া নাট আৰু পালনাম অনুষ্ঠিত
কৰা হয়। দিহিং সত্ৰখনৰ ‘সৰুজনা' আৰু ‘বৰজনা' দুটা ভাগ আছে।
এইবোৰ প্ৰাচীন কৃৰ্তিচিহ্নৰ উপৰি উত্তৰ গুৱাহাটীৰ বিভিন্ন ঠাইত অনেক পুৰণি নামঘৰ, পুখুৰীয়ে প্ৰাচীন ঐতিহ্য বহন কৰি আছে। পুৰণিকলীয়া নামঘৰৰ ভিতৰত গোপীনাথ নামঘৰ, নোগোৰা নামঘৰ, হিলৈজাৰী নামঘৰ, বৰনামঘৰ আদি। ৰজাদিনীয়া পুখুৰীৰ ভিতৰত শিলসাঁকোৰ পৰীক্ষিত পুখুৰী, কুঁৱৰী পুখুৰী, গেলাপুখুৰী আদি। প্ৰাচীন পুৰাণ শাস্ত্ৰয়ো এই ঠাইখনৰ কথা কৈ আহিছে। পুৰাণত এই স্থানক বোলা হৈছিল পুবকাশীক্ষেত্ৰ'। আনহাতে উত্তৰ গুৱাহাটীৰ উত্তৰ দিশত অৱস্থিত নতুৱা নচা পৰ্বতৰ সৈতে সতীবেউলাৰ কাহিনী জড়িত হৈ আছে। সতীবেউলাই এই নতুৱা নচা পৰ্বতত নৃত্য-গীতেৰে দেৱতাসকলক সন্তুষ্ট কৰি মৃত স্বামীক জীয়াই তুলিছিল বুলি জনপ্ৰবাদ আছে। তাৰোপৰি উত্তৰ গুৱাহাটীৰ পশ্চিম অংশত বায়ুকূট নামে এখন সৰু পাহাৰ আছে। বৰ্তমান এই বায়ুকূট পাহাৰৰ নাম ৰাঙলী পাহাৰ। এই পাহাৰত বাস কৰি বায়ুক অৰ্চনা কৰিলে ধনবৃদ্ধি আৰু বায়ুলোকপ্ৰাপ্তি হয় বুলি প্ৰবাদ আছে। চন্দ্ৰকূট পৰ্বতত কোনো মন্দিৰ আদি নাই যদিও মাধৱেশ্বৰ গোসাঁই আছে।
ইতিহাস জানিবৰ বাবে অনুসন্ধিৎসু মনৰ মানুহৰ অভাৱ নাই। ন ন ঠাইৰ ইতিহাসৰ সমল আহৰণ কৰিবৰ বাবে একোখন ঠাইলৈ পৰ্যটকৰ আগমন হয়। ইতিহাস আৰু বুৰঞ্জীৰ না না উত্থান-পতনেৰে ভৰপূৰ উত্তৰ গুৱাহাটীলৈ প্ৰতিবছৰে বহু পৰ্যটকৰ আগমন হয়। উত্তৰ গুৱাহাটীত পৰ্যটনৰ উপযুক্ত পৰিৱেশ গঢ়িবলৈ হ'লে পৰ্যটন সংস্থাসমূহে মুখ্য ভুমিকা ল'ব লাগিব।