|   |  বিষয়বস্তু:    |  মতামত  |  আমাক যোগাযোগ কৰক  |   |  ভাষা সলনি কৰিবলে ক্লিক কৰক ইংৰাজী  | 

শ্ৰীশ্ৰী দৌলগোৱিন্দ মন্দিৰ

এক বিষয়ববীয়া ৱেবচাইট শ্ৰীশ্ৰী দৌলগোৱিন্দ প্ৰশাসনৰ

ফাকুৱা

ফাগুন মাহৰ পুৰ্ণিমাত হিন্দু ধৰ্মৰ লোকসকলে উদ্‌যাপন কৰা প্ৰধান উৎসৱ হৈছে ফাকুৱা । ফাকুৱাক দৌলোৎসৱ, ফল্গোৎসৱ, ফাগুৱা, ফাকু মদনোৎসৱ আদি বিভিন্ন নামেৰে জনা যায় । সমগ্ৰ ভাৰতবৰ্ষতে হিন্দুসকলৰ প্ৰাচীনতম উৎসৱসমূহৰ ভিতৰত ফল্গোৎসৱ ফাগুন বা চ’ত মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয় । এই উৎসৱ প্ৰাচীন মদন পূজাৰ এক অনুষংগিক উৎসৱ । ধৰ্মীয় আৰু লৌকিক পৰম্পৰাৰে পালন কৰা ফাকুৱা উৎসৱৰ সৃষ্টিৰ সৈ্তে বহুতো পৌৰাণিক আখ্যান জড়িত হৈ আছে ।

ফাকুৱাৰ প্ৰথম দিনা 'হলিকা দহন' বা 'সৰুহোলি' আৰু দ্বিতীয় দিনা 'ৰঙৰ ফাকুৱা' বুলি কোৱা হয় । এই উৎসৱ হিন্দু ধৰ্মৰ লোকসকলৰ বাহিৰেও অন্য দেশত বাস কৰা বিভিন্ন ধৰ্মালম্বীৰ লোকসকলেও অতি উলাহ মালহেৰে মালহেৰে পালন কৰে ।