|   |  বিষয়বস্তু:    |  মতামত  |  আমাক যোগাযোগ কৰক  |   |  ভাষা সলনি কৰিবলে ক্লিক কৰক ইংৰাজী  | 

শ্ৰীশ্ৰী দৌলগোৱিন্দ মন্দিৰ

এক বিষয়ববীয়া ৱেবচাইট শ্ৰীশ্ৰী দৌলগোৱিন্দ প্ৰশাসনৰ

বুৰঞ্জীৰ পাতত ঐতিহাসিক উত্তৰ গুৱাহাটী

গুৱাহাটী মহানগৰীৰ গাতে লাগি থকা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ এই বৃহৎ অঞ্চলটোত জড়িত হৈ আছে নানা ইতিহাস। এই অঞ্চলটোৰ গাত যেন বুৰঞ্জীৰ প্ৰতিটো অধ্যায়ৰ স্পৰ্শ লাগি আছে। পালবংশৰ দিনৰ পৰা আহোম ৰজাৰ দিনলৈকে উত্তৰ গুৱাহাটী অঞ্চলৰ স্মৃতি বুৰঞ্জীয়ে আজিও বহন কৰি আহিছে। প্ৰাচীন প্ৰাগজ্যোতিষপুৰৰ চাৰিসীমা বুলি ক'বলৈ আছিল চাৰিওদিশে থকা চাৰিটা গণেশৰ মূৰ্তি। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে শৰাইঘাটৰ (আগিয়াঠুঁৰি) গণেশ মূৰ্তি, পূবফালে চন্দৰা গাঁৱৰ গণেশ মূৰ্তি, দক্ষিণ পাৰে গণেশগুৰিৰ গণেশ মূৰ্তি, আৰু পশ্চিম ফালে ফটাশিল গণেশ মূৰ্তি। এতিয়া উত্তৰ গুৱাহাটীৰ সীমা বুলি ক'বলৈ শৰাইঘাট (আগিয়াঠুঁৰি)ৰ গণেশ মূৰ্তিৰ পৰা চন্দৰা গাঁৱৰ গণেশ মূৰ্তি থকা ঠাইলৈ বুজায় যদিও বৰ্তমানৰ উত্তৰ গুৱাহাটীয়ে এক বৃহৎ অঞ্চল সামৰি লৈছে। ওখ ওখ পাহাৰ আৰু গড়েৰে আবৃত এই অঞ্চলটো শৰাইঘাটৰ যুদ্ধৰ স্মৃতিবিজড়িত অঞ্চল। গুৱাহাটীক মোগলৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ আহোমসকলে গ্ৰহণ কৰা বিভিন্ন আঁচনি এই উত্তৰ গুৱাহাটীতেই লৈছিল। প্ৰত্নতাত্ত্বিক দৃষ্টিকোণৰ পৰা এই কথা প্ৰমাণিত যে ভৌম বা বৰ্মন আৰু শক্তিশালী পালবংশৰ ৰাজধানী আছিল উত্তৰ গুৱাহাটী | শিলৰ কাৰেং আৰু নানা ধৰণৰ শিলৰ মূৰ্তি আৱিষ্কাৰ হোৱালৈ চাই এই ধাৰণা কৰিব পাৰি। কামৰূপৰ বুৰঞ্জীমতে পালবংশৰ শক্তিশালী ৰজা ধৰ্মপালে ইয়াত ৰাজধানী স্থাপন কৰি ৰাজ্য শাসন কৰিছিল। বৰ্তমানে উত্তৰ গুৱাহাটীৰ বিভিন্ন ঠাইত সিঁচৰতি হৈ থকা মঠ, মন্দিৰ, দলং, পথ আদিলৈ চাই তাক প্ৰাক-আহোম যুগৰ বুলি ঠাৱৰ কৰিব পাৰি। পালবংশৰ আন এজন ৰজা ৰত্নপালৰ দিনত উত্তৰ গুৱাহাটীত স্থাপন কৰা ৰাজধানীৰ নাম আছিল দুৰ্জয়। তাৰ পিছত ইয়াৰ নাম হ'ল ‘দুৰ্জয় নগৰ'। অৰ্থাৎ কোনেও জয় কৰিব নোৱাৰা গড়েৰে আবৃত এখনি শক্তিশালী নগৰ। ৰত্নপালৰ ৰাজধানী, এই দুৰ্জয় নগৰ ব্ৰহ্মপুত্ৰৰ পাৰত আছিল। ৰত্নপালে দান কৰা ভূমিত ইন্দ্ৰপালে যিখন ৰাজ্য স্থাপন কৰিছিল সেই ৰাজ্য আছিল উত্তৰকুলত। অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত। বিদ্যা বিনোদ মহাশয়ৰ ধাৰণামতে, উত্তৰকূলত থকা পালবংশৰ ৰাজ্যৰ ৰাজধানী নদীৰ দক্ষিণ পাৰত আছিল। ধৰ্মপালৰ দ্বিতীয়খন তামৰ ফলি ৰজাদুৱাৰৰ পৰা দুমাইল আঁতৰত থকা ৰংমহল নামৰ ঠাইত পোৱা গৈছিল। ধৰ্মপালৰ ৰাজধানী উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰত আছিল বুলি এই ফলিখনেই কয়। উত্তৰ গুৱাহাটীৰ পূব অংশটোক কোৱা হয় ৰজাদুৱাৰ। অৰ্থাৎ ৰজাৰ চকী বা বুৰুজ। এই নামটোৰ পৰা এটা ধাৰণা কৰিব পাৰি যে ইয়াত এসময়ত ৰজাই শাসন কৰিছিল। ১১২৭ শকৰ ‘কানাই বৰশীবোৱা শিলালিপি'ৰ পৰা এটা কথা অনুমান কৰিব পাৰি যে ধৰ্মপাল ৰজাৰ ৰাজধানী প্ৰায় ১২৬০ শকাব্দলৈ উত্তৰ গুৱাহাটীত আছিল। অৰ্থাৎ কমতাপুৰলৈ ৰাজধানী নোযোৱালৈকে উত্তৰ গুৱাহাটীতেই ৰাজধানী আছিল। প্ৰায় ১১০০ খ্ৰীষ্টাব্দৰ পৰা ১২৬০ খ্ৰীষ্টাব্দ‌লৈ সুদীৰ্ঘ ১৬০ বছৰ উত্তৰ গুৱাহাটী কামৰূপৰ ৰাজধানী আছিল। ১৩ শতিকাৰ মাজভাগত কামৰূপৰ ৰাজধানী উত্তৰ গুৱাহাটীৰ পৰা কমতাপুৰলৈ স্থানান্তৰ হোৱাৰ পিছত কামৰূপত ভূঞাসকলে খোপনি পুতিছিল। আনহাতে উত্তৰ গুৱাহাটী আছিল প্ৰাচীন কামপীঠৰ প্ৰাণকেন্দ্ৰ। কোচ সাম্ৰাজ্যৰ ইতিহাসেও এই উত্তৰ গুৱাহাটী অঞ্চলটো স্পৰ্শ কৰি গৈছে। কোচ ৰজা পৰীক্ষিতনাৰায়ণৰ ৰাজধানী আছিল উত্তৰ গুৱাহাটী। তাৰেই স্মৃতি আজিও বহন কৰি আছে। পৰীক্ষিতৰ কানাই বৰশী বোৱা আৰু তাৰ কাষৰ ‘চাহবুৰুজ' বা ‘গুপ্ত কিল্লা'ত কোঠ মাৰিছিল। দৰং ৰাজবংশাৱলীৰ মতে কোচ ৰজা বিশ্বসিংহ উত্তৰ গুৱাহাটীৰ অশ্বক্লান্তৰ ওচৰত এমাহমান আছিল।

ঐতিহাসিক উত্তৰ গুৱাহাটীৰ সৈতে ছশ বছৰীয়া আহোম ৰাজত্বৰ ইতিহাস ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। স্বৰ্গদেউ উদয়াদিত্য সিংহৰ দিনৰ পৰা স্বৰ্গদেউ প্ৰমত্ত সিংহৰ দিনলৈকে এই সুদীৰ্ঘ কালছোৱাৰ ইতিহাসৰ সাক্ষী সমগ্ৰ উত্তৰ গুৱাহাটী অঞ্চল। এই অঞ্চলত সিঁচৰতি হৈ থকা প্ৰায়ভাগ মঠ-মন্দিৰ আহোম ৰজাৰ দিনত সজা। অশ্বক্লান্তৰ আৰু ইয়াৰ ওচৰৰ সমগ্ৰ অঞ্চলটোৰ কথা কামৰূপৰ বুৰঞ্জীত উল্লেখ আছে। আহোমৰ ৰাজ্যশাসনৰ সময়ত পানীফুকনৰ বাহৰ আৰু ‘দোপদৰ' উত্তৰ গুৱাহাটীত আছিল। মনিকৰ্ণেশ্বৰ পাহাৰক আহোমৰ ‘চাহবৰুজ' হিচাপে ব্যৱহাৰ কৰা হৈছিল। ৰংমহল অঞ্চলটো আহোমসকলৰ দিনত ৰং-ধেমালিৰ উপযুক্ত স্থান আছিল বাবে অঞ্চলটোৰ নাম ‘ৰংমহল' হোৱা বুলি অনুমান কৰিব পাৰি। এই অঞ্চলটোৰ পশ্চিম অংশত থকা অঞ্চলটোক ‘শিলসাঁকো' বুলি কোৱা হয়। এই ঠাইত শিলেৰে নিৰ্মিত এখন সাঁকো এতিয়াও বিদ্যামান।

শৰাইঘাটৰ আহোম আৰু মোগলৰ যুদ্ধত মোগল যোদ্ধা বিৰাম খাঁৰ ঘাই মাটি আছিল অশ্বক্ৰান্ত (অশ্বক্লান্ত) আৰু তাৰে আশে-পাশে থকা অঞ্চল। এই যুদ্ধতেই আহোমে মোগলক খেদি আগিয়াঠুঁৰি পাৰ কৰি থৈছিল। শৰাইঘাটৰ যুদ্ধত আহোমৰ ৰণকৌশল আছিল নিপুণতাৰ এক উৎকৃষ্ট ৰ্নিদশন। আহোমৰ মুখ্য যোদ্ধা তথা সেনাপতিসকলক একোটা সুৰক্ষাৰ দায়িত্ব দিয়া হৈছিল। তেনে অঞ্চলৰ ভিতৰত উত্তৰ গুৱাহাটীও আছিল।'.... সেই অনুসৰি শৰাইঘাটত বুঢ়াগোঁহাই বহিল, পাণ্ডুত বৰগোঁহাই, কুৰুৱাত বাঘছোৱাল বৰপাত্ৰ গোহাঁই, শৰাইঘাটত দিহিঙ্গীয়া ফুকন পানীত নাওবৈছা ফুকন... অসুৰ আলিত কলীয়াবৰীয়া ফুকন, ৰংমহলত চাৰিঙ্গীয়া ফুকন... আদি। (কামৰূপৰ বুৰঞ্জী)।

বৰফুকনৰ অসুস্থতাৰ সুযোগ লৈ ৰামসিংহই যেতিয়া ‘আন্ধাৰু বালি' পাইছিল, তেতিয়া ৰামসিংহক এই কথা জনোৱা হৈছিল যে আন্ধাৰু বালিত কোনো গড় নাই। ৰামসিংহই ঘোঁৰা নাৱত তুলি দিলে। কিন্ত্ত সমুখত বালিৰ গড় দেখি ঘোঁৰা তুলিবলৈ নোৱাৰি উত্তৰে থকা জুৰীয়ালৈ বুলি পাৰ হ'ল। আহোম পাঁচ হুহকি অশ্বক্ৰান্ত পালে আৰু তাত যুদ্ধৰ নতুন কৌশল ভাবিবলৈ ধৰিলে। এই অশ্বক্ৰান্ততেই নৰ হাজৰিকা নেওগে সেন্দূৰীঘোপাৰ পৰা আহি স্বৰ্গদেউক শৰণ দিয়ে। তাৰোপৰি আহোমসকলৰ বাবে অশ্বক্ৰান্ত আছিল পৱিত্ৰ ঠাই। আহোমৰ বিষয়াসকলে কোনো কথাত স্বৰ্গদেউৰ ওচৰত শপত খোৱাৰ আগতে অশ্বক্ৰান্তৰ পানীত হাত থৈ শপত খাইছিল। এই বিষয়ে অসম বুৰঞ্জীয়ে এনেদৰে কয়,–... ‘সিহঁতে আহি বোলে– মহাৰাজা এইখান বুলি তোমালোকে যে সংশয় কৰা গ'লে কোনো খান হয় হেন বুলিছা, আমাৰ হাত জোকেৰোই অশ্বক্ৰান্তত শপত কৰিব দিছে।'' তদুপৰি শৰাইঘাটৰ যুদ্ধত নামডঙ্গীয়া ফুকনে অশ্বক্ৰান্তত হিলৈ পাতিছিল। উত্তৰ গুৱাহাটীৰ পূবখণ্ডত ফৌজদাৰ মনচুৰ খাঁৰ বাহৰ আছিল। বৰ্তমান এই ঠাইত আনন্দৰাম বৰুৱা স্মৃতিভৱন নিৰ্মাণ হৈ উঠিছে।

বুৰঞ্জীত ৰংমহলৰ ৰণ বা ‘বৰনদীৰ' যুদ্ধক কোৱা হয়, আহোমৰ প্ৰথম যুদ্ধ। এই যুদ্ধত মুছলমান সেনানী চৈয়দ চানা আৰু চৈয়দ ফিৰোজক নৌ-যুদ্ধত আহোমসকলে পৰাস্ত কৰি বন্দী কৰি নিয়ে আৰু হত্যা কৰে। ১১২৭ শকৰ কানাই বৰশী বোৱা শিলালিপিয়ে ‘ৰংমহল'ৰ যুদ্ধজয়ৰ কথাকেই কৈ আহিছে। ইয়াৰ পিছৰখন যুদ্ধত ৰামসিংহই অসমীয়া সেনাৰ বল-বিক্ৰম দেখি পৰাজয় স্বীকাৰ কৰি পিছুৱাই যাবলৈ বাধ্য হৈছিল। শৰাইঘাটৰ যুদ্ধত উত্তৰ অঞ্চলৰ বিভিন্ন ৰণাংগনৰ দায়িত্বত আছিল মাজু অভয়পুৰীয়া ৰাজখোৱা, সৰু অভয়পুৰীয়া ৰাজখোৱা, বাঁহগৰীয়া বুঢ়াগোহাঁই, মিৰি সন্দিকৈ ফুকন, ঢলা গোহাঁই, গজপুৰীয়া ৰাজখোৱা আৰু ৰূপ সন্দিকৈ আদি বছা বছা সুদক্ষ সেনাপতিসকল। মুঠৰ ওপৰত পুৰাণৰ পৰা আহোমৰ ৰাজত্বলৈকে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ আছিল বহুকেইখন ৰজাৰ ৰাজধানী তথা প্ৰাণকেন্দ্ৰ।