আদৰণি দৌলগোৱিন্দ মন্দিৰ
গুৱাহাটী মহানগৰীৰ গাতে লাগি থকা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ এই বৃহৎ অঞ্চলটোত জড়িত হৈ আছে নানা ইতিহাস। এই অঞ্চলটোৰ গাত যেন বুৰঞ্জীৰ প্ৰতিটো অধ্যায়ৰ স্পৰ্শ লাগি আছে। পালবংশৰ দিনৰ পৰা আহোম ৰজাৰ দিনলৈকে উত্তৰ গুৱাহাটী অঞ্চলৰ স্মৃতি বুৰঞ্জীয়ে আজিও বহন কৰি আহিছে। প্ৰাচীন প্ৰাগজ্যোতিষপুৰৰ চাৰিসীমা বুলি ক'বলৈ চাৰিওদিশে আছিল চাৰিটা গণেশৰ মূৰ্তি। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে শৰাইঘাটৰ (আগিয়াঠুঁৰি) গণেশ মূৰ্তি, পূবফালে চন্দৰা গাঁৱৰ গণেশ মূৰ্তি, দক্ষিণ পাৰে গণেশগুৰিৰ গণেশ মূৰ্তি, আৰু পশ্চিম ফালে ফটাশিল গণেশ মূৰ্তি। উত্তৰ গুৱাহাটীৰ সীমা বুলি ক'বলৈ শৰাইঘাট (আগিয়াঠুঁৰি)ৰ গণেশ মূৰ্তিৰ পৰা চন্দৰা গাঁৱৰ গণেশ মূৰ্তি থকা ঠাইলৈ বুজায় যদিও বৰ্তমানৰ উত্তৰ গুৱাহাটীয়ে এক বৃহৎ অঞ্চল সামৰি লৈছে। ওখ ওখ পাহাৰ আৰু গড়েৰে আবৃত এই অঞ্চলটো শৰাইঘাট যুদ্ধৰ স্মৃতিবিজড়িত অঞ্চল।