উৎসৱ উদযাপন
১. ১ বহাগ (ইং ১৩/১৪এপ্ৰিল):
বহাগ মাহৰ ১ তাৰিখে ৰজাদুৱাৰৰ সমুহ ৰাইজে মহাবাহু ব্ৰহ্মপুত্ৰত ৰাজহুৱা স্নান কৰি নদীৰ পাৰৰ পৰা শ্ৰীকৃষ্ণ মহিমা সম্বলিত ঘোষা গাই এক ভক্তিৰসৰ মধুৰ পৰিবেশ সৃষ্টি কৰি মণিকূতৰ মুল ৰভাত উপস্থিত হয় আৰু নাম/কীৰ্তন সুমধুৰ ধ্বনিৰে মন্দিৰ প্ৰাংগণক বৈকুন্ঠত পৰিণত কৰে। মন্দিৰৰ নিত্য ভোগ উচ্চৰ্গাৰ পিছ্ত পু্ৰোহিতে ভক্ত সকলক আশিৰ্বাদ প্ৰদান কৰি প্ৰভুৰ চৰণত নতুন বছৰ অসমৰ ৰাইজৰ বাবে শুভ হোৱাৰ প্ৰাৰ্থনা জনাই।
২. বহাগ মাহ (অক্ষয় তৃতীয়া):
বহাগ মাহৰ অক্ষয় তৃতীয়া তিথিত মন্দিৰৰ প্ৰতিস্থা দিৱস উদযাপন কৰা হয়। যদিও মন্দিৰৰ ইতিহাস ২০০ বছৰ পূৰনি, মন্দিৰৰ বৰ্তমানৰ মনিকূতটো ইং ১৯৭০ চনৰ বহাগ মাহৰ অক্ষয় তৃতীয়াৰ দিনা হোম/য্জ্ঞ্য আৰু নাম/কীৰ্তনৰ পবিত্ৰ ধ্বনিৰে ভক্ত সকলৰ বাবে মূকলি কৰা হৈছিলে আৰু তেতিয়াৰ পৰা এই দিনটোক প্ৰতিস্থা দিৱস হিচাপে পালন কৰি অহা হৈছে। উক্ত দিনটোত শালেগ্ৰাম মহাপ্ৰভুক মণিকূটৰ পৰা উলিয়াই আনি দৌলৰ সান্মুখত স্থাপন কৰি হোম/য্জ্ঞ্য আৰু নাম/কীৰ্তনৰ আয়োজন কৰা হয়। এই প্ৰতিস্থা দিৱ্সৰ লগত সংগতি ৰাখি আবেলি ভাগৱত পাঠ কৰা হয়। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমন্ত্ৰন কৰা ভাগৱত আচাৰ্য্যৰ দ্বাৰা নিগয কল্পতৰু ভাগৱত পুৰানৰ বাখ্যাৰে এক আধ্যাত্মিক বাতাবৰণ সৃষ্টি কৰি বৌদ্ধিক বিকাশত গুৰুত্ব দি অহা হৈছে।
৩. শ্ৰীশ্ৰী কৃষ্ণ জন্মাষ্টমী (ইং চেপ্তেম্বৰ/অক্টোবৰ):
দৌল গোবিন্দ মন্দিৰত প্ৰতি বছৰে ভাদ মাহত ৰোহিনী নক্ষত্ৰ যুক্ত অষ্টমী তিথিত সন্ধিয়া জন্মাষ্টমি পালন কৰা হয়। মহাপ্ৰভু গোবিন্দক ডবা/শংখ/ঘন্টাৰ ধ্বনিৰে মণিকূটৰ পৰা উলি্য়াই অস্থায়ী ভাবে বনোৱা মণ্ডপত স্থাপন কৰি হোম/য্জ্ঞ্যৰে পূজা/অৰ্চ্চনা কৰা হয়।ভক্তসকলৰ নাম কীৰ্তনৰ লগতে মহাপুৰুষ শংকৰদেৱ বিৰচিত দশম পাঠ কৰা হয়। পূজাৰ অন্তত অতি ভক্তিভাবেৰে ডবা/শংখ/ঘন্টা আৰু আইতী সকলৰ উৰুলি ধ্বনিৰ মাজেৰে প্ৰভুক পুনৰ মণিকূটৰ সিংহাসনত আৰোহন কৰোৱা হয়।
৪. শ্ৰীশ্ৰী শংকৰদেৱ আৰু মাধবদেৱৰ তিৰোভাব তিথি (ইং চেপ্তেম্বৰ/অক্টোবৰ মাহ):
কৃষ্ণ দৰ্শনৰ ওপৰত প্ৰতিষ্ঠিত দৌলগোবিন্দ মন্দিৰ কৃষ্ণ সংস্কৃতিৰ ধাৰক তথা বাহক। দুয়োজন গুৰুৰ অৰ্পুব সৃষ্টি সত্ৰ তথা সত্ৰ সংস্কৃতি দৌল গোবিন্দ মন্দিৰৰ মুল ভেটি। দৌলগোবিন্দ মন্দিৰৰ ইতিহাস গুৰুজনাৰ সত্ৰ ইতিহাসৰ লগত ওতঃপ্ৰোত ভাবে জড়িত।কাল সংহতিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় যদিও অইন তিনিতা সংহতিকো সমানে শ্ৰদ্বা কৰা হয়।প্ৰত্যেক বছৰে দু্য়োজনা গুৰুৰ তিৰোভাব তিথি নাম/প্ৰসংগৰে পালন কৰি তাৰাসৱৰ অনবদ্য অৰিহনা শ্ৰদ্ধাৰে স্মৰণ কৰি বৌদ্ধিক উৎকৰ্ষ সাধনৰ এক অনন্য পৰিবেশ সৃষ্টি কৰা হয়।
৫. কাতিবিহু / শালেগ্ৰাম পুজা (ইং অক্টোবৰ/নবেম্বৰ মাহ):
আহিন আৰু কাতি মাহৰ সংক্ৰান্তিত কাতি বিহুৰ দিনা শ্ৰীশ্ৰী শালেগ্ৰাম প্ৰভুক শংখ/ঘন্টাৰ ধ্বনিৰে বাহিৰলৈ উলিয়াই আনি পুৰনি দৌলৰ ওচৰত তুলসীৰ তলত স্থাপন কৰি পূজান অৰ্চ্চনা কৰা হয়। পূজাৰ অন্তত বৈদিক মন্ত্ৰৰ ধ্বনিৰে আকাশবন্তি প্ৰজ্জলন কৰা হয়।ভক্তসকলক প্ৰদান কৰা পুৰোহিতৰ আশীৰ্বাদৰ পিছত শালেগ্ৰাম প্ৰভুক পুনৰ মণিকূটত ভক্তি সহকাৰে স্থাপন কৰা হয়।
৬. মাঘী পূৰ্নিমা :
মাঘৰ পূৰ্নিমা তিথিটো সনাতন হিন্দু ধৰ্ম মতে এক অতি পবিত্ৰ দিন হিচাপে গণ্য কৰা হয়। কোনো কোনো বছৰত এই পূৰ্নিমা তিথিটো ফাগুন মাহতো পৰে। এই দিনতোত গোবিন্দৰ আশীস বিছাৰি বহু দূৰ-দূৰনিৰ পৰা ভক্তসকল গোবিন্দৰ পবিত্ৰ প্ৰাংগণত উপস্থিত হয়।
যাত্ৰিৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি পৰিচালনা সমিতিয়ে এই দিনতোৰ বাবে বিশেষ ব্যৱ্স্থা গ্ৰহণ কৰে। ভক্তপ্ৰান ৰাইজে কোনো অসূবিধা নোহোৱাকৈ প্ৰভুক দৰ্শন কৰি প্ৰভুৰ ভোগ গ্ৰহন কৰি নিজৰ জীৱ্ন কৃতার্থ কৰে।
৭. দৌল উৎসৱ(ইং ফ্ৰেব্ৰুৱাৰী/মাৰ্চ মাহ):
দৌল উৎসৱ/ হলী বা ফাকুৱা হ’ল ‘ৰং’ৰ উৎসৱ। এই উৎসৱক বসন্ত উৎসৱ বুলিও কোৱা হয় কাৰন ফাগুনৰ আৰম্ভনিয়ে শীতক বিদায় দি বসন্তৰ আগমনক আদৰনি জনাই। পৌৰানিক কাহিনী অনুযায়ী, বিশেষকৈ গৰ্গ সংহিতাৰ মতে কৃষ্ণই ব্ৰজ এৰি মথুৰা অহাৰ আগতে তেওঁৰ ভক্ত,সংগী,গোপী সকলৰ লগত ব্ৰজ্ৰধামত ফাকু খেলিছিল। দৌল উৎসৱ বা হলী সম্পৰ্কত বিভিন্ন পূৰাণত বিভিন্ন ধৰনৰ বৰ্ননা পোৱা যায়। সনাতন ধৰ্মৰ মানুহৰ বাবে দৌলোৎসৱ এক অতি প্ৰিয় উৎসৱ যদিও পূৰ্বতে অসমত এই উৎসৱ ব্যাপকভাবে পালন কৰা হোৱা নাছিল। শ্ৰীমন্ত শংকৰদেৱে সৰ্বপ্ৰথম আড়ম্বৰপূৰ্ণ ভাবে এই উৎসৱটো বৰদোৱা থানত অনুস্থিত কৰে।
এই উৎসৱটো শ্ৰীশ্ৰী দৌলগবিন্দ মন্দিৰত অতি আড়ম্বৰপূৰ্ণ ভাবে ৫ দিনিয়া কাৰ্য্যসূচীৰে শুক্লা চতুৰ্দশী তিথিৰ দিনা “মেষ দাহ” পৰ্বৰে আৰম্ভ হ্য়। মহাপ্ৰভু গোবিন্দক মেষ দাহ পৰ্বৰ বাবে সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাৰে মণিকূটৰ পৰা উলিয়াই সুসজ্জিত সিংহাসনত বিধিপূৰ্বক আৰোহন কৰাই ব্ৰহ্মপুত্ৰৰ পাৰলৈ নিয়া হয়। তাত খেৰেৰে সজ্জিত ভেলা ঘৰত প্ৰভুক বিধিপূৰ্ব্বক স্থাপন কৰি বৈদিক বিধি আনুযায়ি হোম/যজ্ঞৰে পূজা কৰা হয়। ভক্ত তথা আয়তী সকলৰ নাম/কীৰ্তনৰ ধ্ব্নিয়ে লুইতৰ পাৰত এক অতি নান্দনিক পৰিবেশৰ সৃষ্টি কৰি সমবেত ৰাইজক পৰম আনন্দত আপ্লুত কৰে|এই অনুষ্ঠানতেই হোমৰ জুইৰে ছাগলী এটাৰ সামান্য নোম পুৰি প্ৰতিকী অৰ্থত কৃষ্ণই মেষ ৰূপী আসুৰক বধ কৰাতো প্ৰদৰ্শিত হয়। ইয়াৰ পিছ্ত ভেলাঘৰ টোত অগ্নি সংযোগ কৰা হয় আৰু সিংহাসনত আৰোহণ কৰাই প্ৰত্যাবৰ্তন কৰা হয়। লুইতৰ পাৰৰ এই অনন্য অনুস্থানৰ পিছত মন্দিৰ প্ৰাংগণত অধিবাস কৰা হয় আৰু দৌলৰ চাৰিওপিনে সাতবাৰ পৰিক্ৰমা কৰি প্ৰভুক দৌলত স্থাপন কৰা হয়।
পিছদিনা অৰ্থাত দ্বিতীয় দিনাৰ কাৰ্য্যসূচী মহাপূজা। মহাস্নানৰ আগে আগে ৰাতিপুৱাৰ বৰগীতেৰে প্ৰভুক জগোৱা হয় আৰু নাম/প্ৰস্ংগৰ সমান্তৰাল ভাবে প্ৰভুৰ মহাস্নান আৰম্ভ হয়।পবিত্ৰ মহাস্নানৰ পিছত বেদ বিহিত পূজা আৰম্ভ হয়।প্ৰথম ভাগ পূজাৰ অন্তত সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাৰে মহাপ্ৰাভুক ভক্ত সকলে বেদমন্ত্ৰৰ ধ্বনিৰ মাজত ফাকু প্ৰদান কৰে। ইয়াৰ পিছ্ত প্ৰথম ভাগ হোম হয় আৰু হোমৰ অন্তত ভোগ উচ্চৰ্গা কৰা হয়। গধুলি বিধি ধাৰনকাৰী পুৰোহিতে প্ৰভুক ধোল, তাল শংখৰ পবিত্ৰ ধ্ব্নিৰে আৰতি কৰে আৰু আৰতিৰ অন্তত দ্বিতীয় বাৰ মহাপ্ৰভু গোবিন্দক ভক্ত সকলে অতি ভক্তিপুৰ্ন ভাবে বেদযন্ত্ৰৰ ধ্ব্নিৰ মাজত ফাকু প্ৰদান কৰে। ইয়াৰ পিছত দ্বিতীয় হোম সমপন্ন হয় আৰু দৌল পূৰ্ণিমাৰ মহাপূজা সমাপ্তি ঘটে। বাকী কেইদিন নাম/প্ৰসংগৰ মাজত নিত্য পূজা সম্পন্ন হয়।
এই আটাইকেইটা দিনতে দিনৰ ভাগত নাগাৰা নাম তথা আইতি সকলৰ হলীগীত তথা হৰিনামে মন্দিৰৰ প্ৰাংগণ তথা এই অঞ্ছলৰ আকাশ বতাহ মুখৰিত কৰি এক আনন্য আধ্যাত্মিক ৰসত সমবেত ধৰ্মপ্ৰাণ ৰাইজক নিমজ্জিত কৰে | সন্ধিয়া মন্দিৰৰ অস্থায়ী নাটঘৰত দৌল উৎসৱৰ লগত স্ংগতি ৰাখি সত্ৰীয় তথা শাস্ত্ৰীয় গীত/মাত, ভাওনা, নাটক আদি পৰিবেশন কৰা হয়। পঞ্চম দিনা মহাপ্ৰভুক দৌলৰ পৰা উলিয়াই নগৰ পৰিক্ৰমাৰ বাবে এক অতি আটকধুনিয়া তথা বৰ্ণিল ধৰ্মীয় শোভাযাত্ৰা কৰি দিহিং সত্ৰলৈ যোৱা হয়। যাত্ৰাপথত সকলো ভক্তপ্ৰান ৰাইজে নিজ নিজ পদূলিমুখত গুৱাপান, চাকি ধুপ আদি আগবঢ়াই সেৱা জনাই। সত্ৰীয় গীত/মাত, খোল/তাল, হৰিনাম, হলীগীতৰ এক অপূৰ্ব্ব সমাহাৰে এই ধৰ্মীয় শোভাযাত্ৰাত কীৰ্তন পুথিত বৰ্নিত ঘুনুচা যাত্ৰাৰ অনুভব অনুৰণিত হয়। মন্দিৰলৈ প্ৰত্যাবৰ্তণৰ সময়্ত মন্দিৰৰ দুৱাৰমুখত প্ৰতীকী অৰ্থত ঘুনুচা কীৰ্তনৰ কাহিনীৰ আলমত প্ৰভু গোবিন্দ লক্ষ্মীৰ কোপৰ সন্মুখীন হয় আৰু শেষত লক্ষ্মী আয়ে নাৰীসুলভ আচৰণেৰে মাধক সকলো দোষৰ পৰা ক্ষমা কৰি দৌলত সোমাবলৈ দিয়ে।
মহাপ্ৰভুক বিধিবত ৰভাত স্থাপন কৰি আৰতি আদিৰে সন্ধ্যা অৰ্চ্চনা কৰি অতি ভক্তিভাবে অপৰাধ ভঞ্জনৰ ঘোষাৰ ধ্বনিৰে পুণৰ মণিকূটৰ সিংহাসনত আৰোহণ কৰা হয়।