জন্মাষ্টমী

কৃষ্ণাঅষ্টমীৰ দিনা কৃষ্ণ জন্মাষ্টমী পালন কৰা হয় । কৃষ্ণ জন্মাষ্টমীক সাধাৰণতে - কৃষ্ণাঅষ্টমী, গকুলঅষ্টমী, অষ্টমী ৰোহিনী, শ্ৰীকৃষ্ণ জয়ন্তী, শ্ৰী জয়ন্তী আৰু বহুতে জন্মাষ্টমী বুলিও কয় । ভগৱান শ্ৰী কৃষ্ণৰ জন্মৰ দিনা প্ৰতি বছৰে সকলোৱে অতি উৎসাহ-উদ্দীপনাৰে জন্মাষ্টমী পালন কৰে ।

হিন্দুসকলৰ দিন-পঞ্জিকা অনুসৰি ভাদ মাহৰ কৃষ্ণ পক্ষ (আন্ধাৰ ৰাতি) অৰ্থাৎ অষ্টমীৰ দিনা জন্মাষ্টমী পালন কৰা হয় ।
কৃষ্ণ জীৱ্নৰ নাটকীয় উপস্থাপন ৰাস লীলা, মথুৰা, বৃ্ন্দাবন, মণিপুৰ আদি ঠাইত এই উৎসৱৰ লগতে কৰা হয় । ৰাস লীলাত কৃষ্ণৰ ডেকা বয়সৰ কৰ্ম-কাণ্ড দেখুওৱা হয়, আনহাতে, দহি হান্দি প্ৰথাত কৃষ্ণ সৰ্বভাব প্ৰতিফালিত কৰা হয় য’ত কেইবাজনো ল’ৰা মিলি ওখ ঠাইত বান্ধি থোৱা মাখনৰ টেকেলি ভাঙি মাখন আৰু দহি চুৰ কৰি খোৱা । এই পৰম্পৰাক তামিলনাডু 'উৰিয়াদি' নামেৰে পালন কৰা হয় । কৃষ্ণৰ জন্ম হওঁতে নন্দই সকলোকে উপহাৰ বিলোৱাৰ কাহিনী উদ্যাপন কৰিবলৈ কৃষ্ণ জন্মাষ্টমীৰ পাছ্ত বহু ঠাইত ন্দোৎসৱ পালন কৰা হয় ।