উত্তৰ গুৱাহাটীৰ ওচৰে-পাজৰে
অশ্বক্ৰান্ত আৰু অশ্বক্লান্ত মন্দিৰ
উত্তৰ গুৱাহাটীৰ সোঁমাজত ব্ৰহ্মপুত্ৰৰ পাৰত অশ্বক্ৰান্তৰ মন্দিৰ আছে। অশ্বক্ৰান্ত আছিল শৰাইঘাট যুদ্ধৰ আহোম ৰজাসকলৰ প্ৰধান ঘাটি। এই ঠাইৰ পৰা আহোমসকলে শৰাইঘাট যুদ্ধৰ ৰণকৌশল প্ৰস্তুত কৰিছিল। আনহাতে এই ঠাইখন আছিল আহোম ডা-ডাঙৰীয়াসকলৰ কাৰণে পৱিত্ৰ ঠাই। দ্বাৰকাধিপতি শ্ৰীকৃষ্ণই ভাগৰত বিশ্ৰাম লোৱা বা ঘোঁৰাবোৰক এই ঠাইত জিৰণি ল'বলৈ দিয়া এই অশ্বক্ৰান্তৰ ঠাইখনৰ ইতিহাসৰ সাক্ষী দিবলৈ এই ঠাইত এতিয়া দুটা মন্দিৰ আছে, এটা কূৰ্মৰূপী ভগৱান জনাৰ্দন বিষ্ণুৰ আৰু আনটো অনন্তশায়ী বিষ্ণুৰ মন্দিৰ। তদুপৰি মন্দিৰৰ পূবফালে ব্ৰহ্মপুত্ৰৰ পানীযুৱলিত ভগৱান বিষ্ণুৰ পদচিহ্ন আছে। ওপৰত থকা মন্দিৰটো অনন্তশায়ী বিষ্ণুৰ মন্দিৰ আৰু তলত থকা মন্দিৰটো হ'ল জনাৰ্দন বিষ্ণুৰ মন্দিৰ। স্বৰ্গদেউ শিৱসিংহৰ দিনত ১৭২০ শকত অনন্তশায়ী বিষ্ণু মন্দিৰটো নিৰ্মাণ কৰা হৈছিল আৰু জনাৰ্দন বিষ্ণু মন্দিৰটো দৰঙী ৰজাই সজাইছিল বুলি বুৰঞ্জীয়ে কয়। অনন্তশায়ী নাৰায়ণৰ মূৰ্তিটো সপ্তম বা অষ্টম শতিকামানৰ বুলি অনুমান কৰিব পাৰি। অশ্বক্ৰান্ত দেৱালয়ৰ উন্নতি সাধনত শিৱসিংহৰ অৰিহণা উল্লেখযোগ্য। এইজন ৰজাৰ দিনতেই নাৰায়ণৰ অনন্তশায়ী মন্দিৰটো নিৰ্মাণ হয়। ১৮৯৭ চনত হোৱা প্ৰবল ভুমিকম্পত এই মন্দিৰটোৰ বহুত অনিষ্ট হয় আৰু লৰ্ড কাৰ্জনৰ দিনত মেৰামতি কৰি বৰ্তমানৰ মণিকূটৰ ৰূপত ইয়াক পুনৰ নিৰ্মাণ কৰি উলিয়ায়। স্বৰ্গদেউ শিৱসিংহই এই অশ্বক্ৰান্ত মন্দিৰটো সুচাৰুৰূপে চলাবলৈ ৫৪২৪ বিঘা ভূমি আৰু ৭ গোট পাইক দান কৰিছিল।
অশ্বক্ৰান্তত অশোকাষ্টমীত ডাঙৰ মেলা হয়। লিংগপুৰাণত উল্লেখ থকা মতে অশোকাষ্টমী অৰ্থাৎ বৈচিত্ৰ্যপূৰ্ণ বসু নক্ষত্ৰযুক্ত শুক্লাষ্টমীৰ দিনা আঠোটা অশোক ফুলৰ কলি পান কৰি ব্ৰহ্মপুত্ৰত স্নান কৰিলে সকলো দুখ-শোক-তাপ অন্ত হয়।
এই দিনটোত ব্ৰহ্মপুত্ৰত স্নান কৰা ভক্তৰে অশ্বক্ৰান্ত মন্দিৰ ভৰি পৰে। সেই দিনা অশ্বক্ৰান্ত কাশী, গয়া, হৰিদ্বাৰলৈ ৰূপান্তৰিত হয়। এই উৎসৱৰ উপৰি অশ্বক্ৰান্ত দেৱালয়ত শ্ৰীকৃষ্ণৰ জন্মাষ্টমী ফাকুৱা বা দৌল উৎসৱ বিশেষ উলহ-মালহেৰে পালন কৰা হয়। অশ্বক্ৰান্তলৈ আহিবলৈ বাছ সেৱা আৰু ফেৰী সেৱা দুয়োটাৰে ব্যৱস্থা আছে।
ৰুদ্ৰেশ্বৰ দেৱালয়
উত্তৰ গুৱাহাটীৰ শিলসাঁকোৰ পৰা এমাইলমান উত্তৰে ৰুদ্ৰেশ্বৰ নামৰ গাঁৱত ৰুদ্ৰেশ্বৰ দেৱালয় অৱস্থিত। এই দেৱালয়ৰ সৈতে আহোম ৰাজত্বৰ ইতিহাস জড়িত হৈ আছে। মহাৰাজ ৰুদ্ৰসিংহক আহোম ৰজাসকলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ আখ্যা দিয়া হয়। তেওঁ ১৬৯৬ খৃষ্টাব্দৰ পৰা ১৭১৪ খৃষ্টাব্দলৈ আহোম ৰাজপাটত আছিল। ৰুদ্ৰসিংহই আহোমৰ পশ্চিম সীমা কৰতোৱালৈ সম্প্ৰসাৰণৰ উদ্দেশ্যে উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰ আৰু ৰংমহলত এটা বিৰাট সৈন্য বাহিনীৰে বংগ জয়ৰ উদ্দেশ্যে উপস্থিত হয়। এই যুদ্ধৰ বাবে মহাৰাজ ৰুদ্ৰসিংহক জয়ন্তীয়া আৰু কাছাৰী ৰজাই সৈন্য সামন্ত দি সহায় কৰিছিল। দফলা পাহাৰ (বৰ্তমানৰ অৰুণাচল)ৰ পৰাও সৈন্য আহি ৰজাদুৱাৰত বাহৰ পাতিছিল। ৰুদ্ৰসিংহক সহায় কৰিবলৈ মোগল-পাঠান আৰু হিন্দুস্থানী সৈন্যও আহিছিল। কিন্তু এই যুদ্ধৰ প্ৰস্তুতি চলি থকা অৱস্থাতেই ৰুদ্ৰেশ্বৰ দেৱালয় থকা এই স্থানত হঠাতে ৰুদ্ৰসিংহৰ মৃত্যু হয়। ৰুদ্ৰসিংহক চৰাইদেউ মৈদামত সমাধিস্থ কৰা হয়।
ৰুদ্ৰেসিংহৰ মৃত্যুৰ পাছত তেওঁৰ বৰপুত্ৰ শিৱসিংহ ৰাজপাটত উঠে। তেওঁ ৰাজপাটত উঠিয়ে ৰুদ্ৰসিংহৰ বংগজয়ৰ পৰিকল্পনা ত্যাগ কৰে। শিৱসিংহৰ মৃত্যুৰ পিছত ভাতৃ প্ৰমত্ত সিংহই ৰাজ্য শাসনৰ ভাৰ লয় আৰু ১৬৭১ শকত ৰুদ্ৰসিংহৰ মৃত্যু হোৱা ঠাইত এটি শিৱলিংগ প্ৰতিষ্ঠা কৰি এটি মন্দিৰ সজাই দিয়ে। ৰজাৰ নাম অনুসৰি এই শিৱলিংগৰ নাম ৰুদ্ৰেশ্বৰ শিৱ দিয়া হয় আৰু ঠাইখিনিৰ নামো ৰুদ্ৰেশ্বৰ নামে জনাজাত হয়। মন্দিৰটো কিছু অংশ জহি-খহি যোৱাত অসম চৰকাৰৰ প্ৰত্নতাত্ত্বিক বিভাগে পুনৰ মেৰামতি কৰিছে। উত্তৰ গুৱাহাটীৰ ৰুদ্ৰেশ্বৰলৈ আহিবলৈ হ’লে আমিনগাঁৱেৰে উত্তৰ গুৱাহাটীৰ শিলসাঁকোলৈ আহি তাৰ পৰা এমাইলমান উত্তৰে গ'লে ৰুদ্ৰেশ্বৰ দেৱালয় পোৱা যয়। উত্তৰ ফালেৰে বিহলঙনি গাঁৱেৰে সোমাই কিছুদূৰ গ'লে ৰুদ্ৰেশ্বৰ দেৱালয় পোৱা যায়।
দীৰ্ঘেশ্বৰী মন্দিৰ
আমিনগাঁও উত্তৰ গুৱাহাটী মান্দাকাটা পথেৰে গৈ নাজিৰাখাট এৰি কিছুদূৰ গৈ এখন ওখ পাহাৰৰ দাঁতিয়েদি এটা সৰু পথ পোৱা যায়। এই পথটো লেঙা হৈ কুৰুৱাত মিলি গৈছে। এই পাহাৰখনক কোৱা হয় সীতাপৰ্বত। এই পৰ্বতৰ ওপৰতেই বিৰাজমান দীৰ্ঘেশ্বৰী মন্দিৰ। যোগিনীতন্ত্ৰৰ মতে বৰবংশৰ মৌজাৰ দীৰ্ঘেশ্বৰী পৰ্বতক সীতাপৰ্বত বোলে। এই সীতাপৰ্বত বা দীৰ্ঘেশ্বৰী পৰ্বতৰ দাঁতিত মাৰ্কণ্ডেয় মুনিৰ আশ্ৰম আছিল। ‘আচাম গেজেটেয়াৰ'ৰ মতে আনুমানিক ১৭৫১ শকত ৰাজেশ্বৰ সিংহৰ দিনত মন্দিৰটি নিৰ্মাণ কৰা হৈছিল। এই দেৱালয়ৰ অধীনত থকা নিষ্পিখেৰাজ ভূমিৰ পৰিমাণ হৈছে ৬৮২১ বিঘা। যোগিনীতন্ত্ৰই দীৰ্ঘেশ্বৰী দেৱীৰ ভূমিকাৰ বিষয়ে এনেদৰে কৈছে
"দৃষ্টা দীৰ্ঘেশ্বৰীং দেবীং সৰ্বকামফল
প্ৰদাৱ।
ষষ্টিবৰ্ষ সহস্ৰাণী দেৱদ্ভাৱ মোদতে।"
আনহাতে, কালিকাপুৰাণৰ উল্লেখ অনুযায়ী দীৰ্ঘেশ্বৰী হ'ল কামাখ্যাৰ অষ্টযোগিনীৰ অন্যতমা। অতীজৰে পৰা এই মন্দিৰত দুৰ্গাদেৱীৰ পূজা-সেৱা উলহ-মালহেৰে পালন কৰি অহা হৈছে। মন্দিৰটোৰ সামূহিক ভোজনালয়টো পৰিচালনা সমিতিয়ে নিৰ্মাণ কৰি উলিয়াইছে। সেইটোত দুই-তিনিহাজাৰ যাত্ৰীয়ে একেলগে বহি ভোগ খাব পাৰে। এই মন্দিৰৰ চাৰিওপাশৰ সৌন্দৰ্য অতীৱ মনোমোহা। কাষেৰে বৈ যোৱা বিশাল ব্ৰহ্মপুত্ৰই ৰূপত ৰহন চৰাইছে। যোৱা কেইটামান বছৰৰ পৰা বনভোজ খোৱা দল আৰু বহু দূৰ দূৰণিৰ পৰা অহা তীৰ্থযাত্ৰী তথা পৰ্যটকৰ উখল-মাখল দেখিবলৈ পোৱা গৈছে। উৰিষ্যাৰ ধৱলগিৰিৰ দৰে দীৰ্ঘেশ্বৰী মন্দিৰৰ চাৰিওফালৰ প্ৰাকৃতিক পৰিৱেশ অতীৱ মনোমোহা।
মণিকৰ্ণেশ্বৰ দেৱালয়
উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰত ব্ৰহ্মপুত্ৰৰ পাৰত এখন সৰু পাহাৰৰ ওপৰত এই মন্দিৰটো অৱস্থিত; এই পাহাৰ বা পৰ্বতখনক কোৱা হয় মণিশৈল পৰ্বত। এই মণিশৈল পৰ্বতত ‘স্বয়ম্ভূ শিৱলিংগ বিদ্যমান' ইয়াৰ ঈষাণ কোণত মংগলা নদীৰ সংগম স্থল (বৰনদী) আছিল। মণিকৰ্ণেশ্বৰ শিৱলিংগ ৰজা নৰকাসুৰৰ দিনৰ। সেই সময়ৰ পৰাই ইয়াতে এটা মন্দিৰ আছিল বুলি অনুমান কৰিব পাৰি। ‘মণিকৰ্ণ’ নামে এটা পুখুৰীও আছিল। এই পুখুৰী বৰ্তমান ব্ৰহ্মপুত্ৰত বিলীন হৈ গৈছে। কামৰূপত বুৰঞ্জীমতে মণিকৰ্ণেশ্বৰক চাহবুৰজ বোলা হৈছিল। জনশ্ৰুতি অনুসৰি কিৰাট ৰজা নৰকাসুৰে আৱদ্ধ কৰি ৰখা ষোল্লহাজাৰ বন্দিনীক নানা মণি-মুকুতা আভৰণেৰে উত্তৰ গুৱাহাটীৰ পূবফালে ৰখা হৈছিল। তেতিয়াৰ পৰা এই ঠাইখনৰ নাম মণিকৰ্ণেশ্বৰ হ'ল। যোগিনীতন্ত্ৰ অনুসৰি মণিকৰ্ণিকা' নামৰ দ্বাবিংশতি ধনু পৰিমাণৰ এটা কুশু বা কুঁৰ আছিল। আহোমৰ ৰাজত্বৰ আগলৈকে মণিকৰ্ণেশ্বৰ শিৱলিংগ হাবি-জংঘলেৰে পোত খাই আছিল। আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত এই লিংগ উদ্ধাৰ কৰা হয়। ১৬৭৭ শকত ইয়াৰ মন্দিৰটো নিৰ্মাণ কৰিছিল স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই। কিন্তু বৰভূঁইকঁপত মন্দিৰটো প্ৰায়খিনি ধ্বংস হৈ যায়। এই মন্দিৰটোৰ বিশেষত্ব হ'ল– ই ত্ৰিভূজৰ দৰে তিনিশিৰীয়া তৰাৰ দৰে ভেটি আৰু ওপৰৰ ফালে বাৰশিৰীয়াকৈ নিৰ্মাণ কৰা। ইয়াৰ উদ্ধাৰ হোৱা শিলাখণ্ডৰ পৰা এই মন্দিৰ আহোম যুগৰ নহয় বুলি অনুমান কৰিব পাৰি। মণিকৰ্ণেশ্বৰ দেৱালয়ৰ দক্ষিণ-পশ্চিমত থকা এখন শিলৰ ফলিত উল্লেখ থকা মতে, ব্ৰহ্মপুত্ৰৰ পাৰৰ এই ঠাইত কবিচন্দ্ৰ-ভাৰতী বা অনন্ত কন্দলীৰ মণ্ডপ আছিল। কোচ ৰজা নৰনাৰায়ণৰ অসম আগমনত (১৫৫১) পণ্ডিতসকলে ৰজাৰ সন্মানাৰ্থে উমানন্দত মহাভাৰত পাঠ কৰি শুনাইছিল আৰু এই সভালৈ চন্দ্ৰভাৰতীও আহিছিল। বৰ্তমান দৌলগোবিন্দ মন্দিৰৰ গাত যিখন পাহাৰ লাগি আছে সেই পাহাৰখনক চন্দ্ৰভাৰতী পাহাৰ বুলি কোৱা হয়। চাৰিওফালে পাহাৰে ঘেৰা এই মণিকৰ্ণেশ্বৰ দেৱালয়ক উত্তৰ গুৱাহাটীৰ দ্বিতীয় পৱিত্ৰ তীৰ্থ আখ্যা দিয়া হয়। মণিকৰ্ণেশ্বৰ পাহাৰ উত্তৰলৈ কানাই বৰশীবোৱা শিললৈ বিস্তৃত। ইয়াৰ পৰা দেখা পোৱা ব্ৰহ্মপুত্ৰৰ সৈতে সমগ্ৰ গুৱাহাটীৰ প্ৰাকৃতিক সৌন্দৰ্য অতীৱ মনোমোহা। মন্দিৰৰ ওপৰলৈ উঠি যোৱা খটখটিখন প্ৰত্নতাত্ত্বিক বিভাগৰ দ্বাৰা নিৰ্মিত। এই মন্দিৰটোলৈ আহিব লাগিলে আমিনগাঁও, উত্তৰ গুৱাহাটী পথেৰে আহি ৰজাদুৱাৰত নামি তাৰ পৰা মন্দিৰলৈ খোজ কাঢ়ি যাব লাগিব। জলপথেৰে আহিব লাগিলে ফাঁচিবজাৰ ফেৰীঘাটৰ পৰা জাহাজ বা যন্ত্ৰচালিত নাৱেৰে আহি ৰজাদুৱাৰ পাৰঘাটত নামিলেই মন্দিৰটো দেখিবলৈ পোৱা যায়।