দৈনিক কাৰ্যক্ৰম
প্ৰত্যেক ৰাতিপু্ৱা ৬:৩০ বজাত পুৰোহিতে মহাপ্ৰভু দৌলগোবিন্দক স্নান কৰি পূজা-অৰ্চ্চনা কৰে আৰু ৭:৩০ বজাৰ পৰা ভক্ত সকলৰ দৰ্শনৰ বাবে মন্দিৰৰ দুৱাৰ মুকলি কৰা হয়। দৰ্শনাৰ্থী সকলে শাৰীপাতি বন্তি প্ৰজ্জলন গৃহত ধূপ/চাকি জলাই আৰু মূল মন্দিৰত শাৰীপাতি মহাপ্ৰভু গোবিন্দক দৰ্শন কৰে।পুৰোহিতে মন্ত্ৰৰ ধ্ব্নিৰে আশীৰ্বাদ প্ৰদান কৰি প্ৰভুৰ পদজল আৰু নিৰ্মালি প্ৰদান কৰে। দুপৰিয়া মন্দিৰৰ কপাট বন্ধ কৰি গোবিন্দক ডবা, কাহঁ আৰু শংখ ধ্ব্নিৰে এক অতি ভক্তিময় পৰিবেশত ভোগ উচ্চৰ্গা কৰা হয়। ভোগ উচ্চৰ্গাৰ পিচত পুনৰ দৰ্শনাৰ্থীৰ বাবে মন্দিৰৰ দ্বাৰ খোলা হ্য় আৰু উপস্থিত ভক্ত সকলৰ মাজত ভোগ বিতৰণ কৰা হয়। দূৰ-দূৰনিৰ ভক্তবৃন্দৰ সুবিধাৰ কাৰনে সূ্ৰ্য্যাস্তৰ সময়লৈকে মন্দিৰৰ মূলদ্বাৰ খোলা ৰখা হয়।